গুজৰাটত তিনিখন পাকিস্তানী মাছ ধৰা নাও জব্দ!

গুজৰাটৰ কচ্ছ জিলাৰ পৰা তিনিখন পাকিস্তানী মাছ ধৰা নাও জব্দ। ভুজ সীমান্ত সুৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে গুজৰাটৰ কচ্ছ জিলাৰ হাৰামী নালা ক্ৰীক অঞ্চলৰ পৰা তিনিখন পাকিস্তানী মাছ ধৰা নাও জব্দ কৰে। এই খাদটো গুজৰাটৰ ভাৰত-পাকিস্তান সামুদ্ৰিক সীমাৰ কাষত অৱস্থিত।এই কথা সদৰি কৰিছে সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়াই। জানিব পৰা মতে, বিএছএফৰ সৈন্যবাহিনীৰ এটা দল টহল দি থকাৰ সময়ত নাওবোৰৰ চলাচল প্ৰত্যক্ষ কৰে। পাকিস্তানী মাছমৰীয়াসকলে বিএছএফৰ সৈন্যসকলক ওচৰলৈ অহা দেখি নাও এৰি পলাই যায়। পলাতক পাকিস্তানী মাছমৰীয়াসকলক বিচাৰি উলিওৱাৰ বাবে অভিযান আৰম্ভ কৰা হৈছে।

ইফালে, জব্দকৃত নাওবোৰৰ পুংখানুপুংখ তালাচী চলায় যদিও কিছুমান মাছ আৰু মাছ ধৰা সঁজুলিৰ বাহিৰে সন্দেহজনক একো উদ্ধাৰ কৰা হোৱা নাই। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৪ এপ্ৰিলত বিএছএফে একেখন খাদৰ পৰা এখন পাকিস্তানী মাছ ধৰা নাও জব্দ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.