গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানত দুই তিনিদিনলৈ মুষলধাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ
জনসাধাৰণক সজাগ হৈ থকাৰ আহ্বান প্ৰশাসনৰ
২০ মে’, ২০২৫ঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)-এ জনোৱা অনুসৰি, অহা ২-৩ দিন ধৰি অসমত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব। আজি সংগৃহীত বৰষুণৰ তথ্য অনুসৰি, গুৱাহাটী আৰু ইয়াৰ দাতি-কাষৰীয়া অঞ্চলত ইতিমধ্যে যথেষ্ট পৰিমাণৰ বৰষুণ পৰিছে। এই তথ্য মতে গুৱাহাটী অট’মেটিক ৱেডাৰ ষ্টেচন (AWS) ত ১১২.৫ মি মি, আছাম এগ্ৰিকালচাৰেল ইউনিভাৰছিটি-হৰটিকালচাৰেল ৰিছাৰ্চ চেণ্টাৰ (AAU-HRS)ত ১১৫ মি মি, মিৰ্জা চক্ৰ কাৰ্যালয়ত ১১০ মি মি আৰু ইনষ্টিউট অৱ এডভান্সড ষ্টাডী ইন চাইণ্স এণ্ড টেকন’লজি (IASST)-কামৰূপত ১০০ মি মি বৰষুণ পৰাৰ তথ্য পোৱা গৈছে। এই তথ্যসমূহে ৰাজ্যজুৰি বিস্তৃত আৰু মুষলধাৰ বৰষুণৰ সক্ৰিয়তা চিহ্নিত কৰিছে, যিটো দুই তিনিদিনলৈ অব্যাহত থাকিব।
বতৰৰ ধৰণ অনুসৰি, অসমৰ পশ্চিম আৰু দক্ষিণ অংশত অতি বৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু কিছুমান অঞ্চলত বৰষুণৰ পৰিমাণ ২০০ মিলি মিটাৰলৈকে পৰিব পাৰে। বিশেষকৈ গুৱাহাটী চহৰত ধাৰাসাৰ বৰষুণৰ ফলত পানী জমা হোৱা, গছ পৰাৰ ঘটনা আৰু কিছু স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলনৰ আশংকা বৃদ্ধি পোৱাৰ উপৰি বাহনৰ গতি বিঘ্নিত হ’ব। প্ৰশাসনে পৰিস্থিতিৰ ওপৰত সততে লক্ষ্য ৰাখি আছে আৰু জৰুৰীকালীন সেৱা সক্ৰিয় অৱস্থাত ৰখা হৈছে।
সাধাৰণ জনতাক সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। দৈনিক যাত্ৰী তথা দূৰণিবটীয়া যাত্ৰীসকলক তীব্ৰ বৰষুণৰ সময়চোৱাত অপ্রয়োজনীয় যাতায়াত এৰাই চলিবলৈ অনুৰোধ জনোৱা হৈছে। নিন্মভূমি আৰু পাহাৰৰ দাতি-কাষৰীয়া অঞ্চলত বসবাস কৰা নাগৰিকসকলক বৰষুণ আৰু ভূমিস্খলনৰ সম্ভাৱনাৰ প্ৰতি সতৰ্ক থকাৰ আহ্বান জনোৱা হৈছে। এই দীঘলীয়া বৰষুণৰ সময়চোৱাত বিভাগীয়ভাৱে দিয়া বতৰৰ বতৰাৰ প্ৰতি দৃষ্টি ৰখাৰ লগতে আৰু স্থানীয় প্ৰশাসনৰ পৰামৰ্শ অনুসৰণ কৰিবলৈ জনসাধাৰণক অনুৰোধ জনোৱা হৈছে, যাতে সকলো নিৰাপদে থাকিব পাৰে।