গোৰেশ্বৰত একেলগে জ্বলিল চাৰিখন চিতা

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত

বাক্সা জিলাৰ গোৰেশ্বৰৰ শিমলীবাৰী গাঁৱৰ পৰা এটি বাথৌ মন্দিৰ নিৰ্মাণৰ বাবে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাক লগ কৰি উভটি অহাৰ সময়ত শুকুৰবাৰে নিশা সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাই কাঢ়ি নিলে চাৰিজনৰ জীৱন। এখন এম্বুলেন্স আৰু যাত্ৰীবাহী টেম্প’ৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা। নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা। এই ঘটনাৰ পাছত কান্দোলৰ ৰোল উঠিছে গাওঁখনত।বৰ্তমান এক শোককুল পৰিৱেশে বিৰাজ কৰিছে মহাজনপাৰা শিমলীবাৰী গাঁৱত। উল্লেখ্য যে দুৰ্ঘটনাত ঘটনাস্থলীত মৃত্যু হৈছিল বিমলা বড়ো (৪২) আৰু বিলাইশ্ৰী ব্ৰহ্ম(৪৫)ৰ। পাছত চিকিৎসালয়ত তুফান বড়ো( ৪০), বগীবালা বড়ো (৫০)ৰো মৃত্যু হয়।সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে উত্তম ৰাজবংশী (৩৫) , বৃহস্পতি বড়ো(৩৪), ফুল্লেশ্বৰ ব্ৰহ্ম , বাঁহী বড়ো, তপেশ্বৰী ৱড়ো, ৰাতিফুলি বড়ো আৰু পদুমী বড়ো।আনহাতে সন্ধিয়া মৃত লোকসকলক মহাজনপাৰা শ্মশানত একেলগে চাৰিখনকৈ চিতাত সৎকাৰ কৰাৰ হয়৷মৃতক সকলৰ মুখাগ্নি কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷তেওঁ এক শোকাকুল পৰিৱেশৰ মাজতে মৃতকৰ পৰিয়াললৈ৫০হাজাৰ টকা,চাৰি মৃতকৰ নামত শ্মশান নিৰ্মাণৰ লগতে অক্টোবৰ মাহত মৃত্যুৰ প্ৰাকক্ষণত তেওঁলোকে বিছাৰি যোৱা মতেই বাথৌ মন্দিৰ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰে।।

You might also like
Leave A Reply

Your email address will not be published.