গোৱালপাৰাত উচ্ছেদৰ জাননী

গোৱালপাৰাত উচ্ছেদৰ জাননী
বিধায়ক এ কে ৰছিদ আলমৰ সংবাদমেল

এফালে উচ্ছেদৰ জাননীত বিনিদ্ৰ ৰজনী কটাইছে হাজাৰ হাজাৰ লোক আনফালে একাংশ সুবিধাবাদী ৰাজনৈতিক ব্যক্তিয়ে দৰিদ্ৰ লোকসকলক লৈ ঘৃণনীয় ৰাজনীতিত নামি পৰিছে।কি শাসক দল কি বিৰোধী দল। দুয়োটা দলৰ নেতা পালিনেতাই ভুক্তভোগী লোকসকলক লৈ ২৬ৰ বিধানসভা নিৰ্বাচনৰ অংকত নামি পৰিছে।চৰকাৰে উচ্ছেদ নচলালেও যেন এই সকল ঘৃণনীয় ৰাজনৈতিক ব্যক্তিৰ বলি হব এই ভুক্তভোগী লোকসকল।উল্লেখ যে, চলিত মাহ’ৰ ১৭ মে তাৰিখে গোৱালপাৰা জিলা বনবিভাগে গোৱালপাৰা চহৰৰ উপকণ্ঠ অঞ্চল হেলাপাখৰী,ধোপতোলা,ৰাক্ষশীনী আৰুফৰেষ্ট গেটত বন বিভাগৰ লোকে ঘৰে ঘৰে গৈ উচ্ছেদৰ জাননী দিয়ে।বন বিভাগৰ জাননীত উল্লেখ কৰা মতে,অহা ২১ দিনৰ ভিতৰত বনবিভাগৰ ভূমিত বসবাস কৰা লোকসকলে কি নথিৰ ভিত্তিত বসবাস কৰি আছে, সেই নথি সমূহ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত জমা দিবলৈ জাননী প্ৰেৰণ কৰে।অন্যথা উচ্ছেদ চলোৱা হব।বনাবিভাগৰ এই উচ্ছেদৰ জাননী লাভ কৰি এই সমূহ অঞ্চলৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে।এই লোকসকলকলৈ একাংশ মধুফুটা ৰাজনৈতিক ব্যক্তিয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে এতিয়া নামি পৰিছে ঘৃণনীয় ৰাজনীতিত।এই সন্দৰ্ভত আজি গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক একে ৰছিদ অলমে নিজ বাস ভৱনত এখন সংবাদমেলত আয়োজন কৰে।বিধায়ক আলমে সংবাদমেলত কয় যে,”বনবিভাগৰ গাইড লাইন মতে, পৌৰসভা এলাকাৰ পৰা ৭ কিলো মিটাৰ ভিতৰত বনবিভাগৰ ৰিজাৰ্ভ ফৰেষ্ট থাকিব নোৱাৰে।কিন্তু গোৱালপাৰা জিলা বন বিষয়া গৰাকীয়ে কিয় বাৰে বাৰে হেলাপাখৰী,ফৰেষ্টগেট আৰু ধোপতলাত উচ্ছেদৰ জাননী প্ৰেৰণ কৰে।এই সমূহ অঞ্চলত ১৯৫৯ চনত স্থাপিত হোৱা গাৰো প্ৰাথমিক বিদ্যালয় আছে।যিটো বন বিভাগ সৃষ্টি হোৱাৰ আগতে স্থাপিত হোৱা, এই সমূহ অঞ্চলত বনবিভাগে উচ্ছেদৰ জাননী কিয় দিয়া হৈছে বুলি প্ৰশ্ন উত্থাপিত কৰে বন বিভাগৰ বিৰুদ্ধে।লগতে বিধায়ক এ কে ৰছিদ আলমে আৰু কয় যে, য’ত বনবিভাগে উচ্ছেদ কৰিব লাগে তাত নাযায় এই গৰাকী বন বিষয়া তেজছ মৰিস্বামী।জিলাখনৰ অন্তৰ্গত বন বিভাগৰ লাখ লাখ হেক্তৰ ভূমিত অবৈধ ভাৱে ৰবৰৰ বাগান, তামোলৰ বাগান আৰু কলৰ বাগান কৰিছে তাত চকু দিবলৈ আহৰি নাপায় বন বিভাগে অথচ গোৱালপাৰা চহৰৰ উপকণ্ঠ অঞ্চল ফৰেষ্টগেট, হেলাপাখৰী আৰু ধোপতলাত ৰাজহ গাঁওত শেনচকু এই গৰাকী জিলা বন বিষয়াৰ।এই উচ্ছেদ সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনায় কয় যে,”এই উচ্ছেদ বন্ধ কৰিব লাগে, এই সমূহ অঞ্চলত কোনো ধৰণৰ বনবিভাগৰ ভূমি নাই।যিখিনি ঠাইত বন বিভাগৰ ভূমি আছে তাত কোনেও ঘৰবাৰী সাজিবলৈ যোৱা নাই।গতিকে এই অমানৱীয় উচ্ছেদ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনায়।ইপিনে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰশ্বিদ মণ্ডলকলৈ বিধায়ক আলমে কয় যে,”কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰশ্বিদ মণ্ডলে কংগ্ৰেছৰ বিধায়ক হৈ কেনেকৈ কংগ্ৰেছৰ বিৰুদ্ধে বদনাম কৰি ফুৰিছে।কংগ্ৰেছৰ নিমখ খাই নিমখ হাৰাম কৰি আছে বিধায়ক আব্দুৰ ৰশ্বিদ মণ্ডলে, এই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক এ কে ৰছিদ আলমে

You might also like
Leave A Reply

Your email address will not be published.