গ্ৰামাঞ্চলৰ বাবে নতুন SOP

ৰাজ্যৰ গ্ৰামাঞ্চলৰ বাবে নতুন ক’ভিড SOP প্ৰকাশ।

সকলো দোকান-পোহাৰ, বানিজ্যিক প্ৰতিষ্ঠান দিনৰ ১ বজাত বন্ধ কৰিব লাগিব।

ধাবা,ৰেষ্টুৰেন্ট,ভোজনালয়ত ১ বজাৰ পাছত গ্ৰাহকে বহি খাব নোৱাৰিব। ২ বজালৈ গ্ৰাহকে খাদ্য কিনি লৈ যাব পাৰিব। খাদ্যৰ হোম ডেলীভাৰীৰ ক্ষেত্ৰত বাধা নাথাকিব।

হোটেল বা ৰিজ’ৰ্ট আদিৰ ভিতৰত থকা ৰেষ্টুৰেন্টত বাহিৰা অতিথিৰ প্ৰবেশত দিনৰ ১ বজালৈহে অনুমতি থাকিব।

শীতলিগৃহ আৰু পণ্যাগাৰ সমুহ খোলা ৰখাত বাধা নাথাকিব যদিও এইসমূহৰ সৈতে সংলগ্ন চেলছ কাউন্টাৰ,শ্ব’ৰূম আদি দিনৰ ১ বজাত বন্ধ কৰিব লাগিব।

চৰকাৰী-বেচৰকাৰী কাৰ্যালয়-প্ৰতিষ্ঠান দিনৰ ১ বজাৰ পাছত খোলা ৰাখিব নোৱাৰিব।

দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ গ্ৰামাঞ্চলত কঠোৰ সান্ধ্য আইন বলৱৎ থাকিব।

নগৰাঞ্চলৰ ক্ষেত্ৰত পূৰ্বৰ SOP বাহাল থাকিব।

নগৰাঞ্চল,গ্ৰামাঞ্চল উভয়তে ৫ জুন পৰ্যন্ত নতুন ক’ভিড SOP বাহাল থাকিব। ।

You might also like
Leave A Reply

Your email address will not be published.