চ’ছিয়েল মিডিয়াত নজৰ ত্ৰিপুৰা আৰক্ষীৰ

ত্ৰিপুৰা আৰক্ষীয়ে ৰাজ্যখনত শেহতীয়া সাম্প্ৰদায়িক সংঘৰ্ষৰ ওপৰত বিকৃত সমল বিয়পোৱাৰ বাবে ৬৮ টা প্ৰফাইল স্থগিত ৰাখিবলৈ টুইটাৰক কৈছে । আৰক্ষীয়ে জনোৱা মতে, ৰাজ্যখনত মছজিদ লণ্ডভণ্ড সন্দৰ্ভত কেইটামান টুইটাৰ একাউণ্টৰ জৰিয়তে কিছুমান বিকৃত বা আপত্তিজনক সমল ব্যৱহাৰ কৰা হৈছিল। এই ৬৮ টা হেণ্ডেল ইউএপিএ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জনায়।

পশ্চিম ত্ৰিপুৰা আৰক্ষীয়ে টুইটাৰৰ অভিযোগ বিষয়ালৈ প্ৰেৰণ কৰা পত্ৰখনত সকলো ৬৮ টা প্ৰফাইলৰ লিংক উল্লেখ কৰিছে। আৰক্ষীয়ে আই পি ঠিকনাৰ এখন তালিকাৰ বিৱৰণত ব্যৱহাৰকাৰীৰ লগ ইন কৰা একাউণ্টৰ লগতে টুইটাৰ একাউণ্টত যোগ দিয়া মোবাইল নম্বৰবোৰো বিচৰা বুলি জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.