চাকৰিৰ প্ৰলোভন দি ৰঙাঘৰৰ আলহী দুই যুৱক!

চাকৰিৰ প্ৰলোভন দি ৰঙাঘৰৰ আলহী দুই যুৱক!

নিউজ ডেস্ক:

হিঃৰাজ্যত ছাত্ৰীক চাকৰি দিয়াৰ প্ৰলোভন দি ৰঙাঘৰৰ আলহী হ’ল নাহৰকটিয়াৰ দুই যুৱক। এক গোপন সূত্ৰৰ পম খেদি বেংগালুৰুলৈ লৈ যোৱা অৱস্হাতে লাহোৱাল আৰক্ষীয়ে লাহোৱাল ৰে’ল ষ্টেচনত ৩ কিশোৰীসহ আটক কৰে দুই যুৱকক । ধৃত দুই যুৱক হেমন্ত গগৈ আৰু বুধিন গগৈ বুলি জানিব পৰা গৈছে। লগতে এখন বিলাসী বাহনো জব্দ কৰিছে আৰক্ষীয়ে । জব্দকৃত বাহন খনৰ নম্বৰৰ AS 23 F 7761। আনহাতে ছাত্ৰী তিনি গৰাকী নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে। ধৃত হেমন্ত গগৈ আৰু বুধিন গগৈৰ নেতৃত্বত দীৰ্ঘদিনৰে পৰা চলি আহিছিল এই নাৰী সৰবৰাহৰ কাৰ্য। ঘটনা সন্দৰ্ভত লাহোৱাল আৰক্ষীয়ে দুই যুৱকক জেৰা অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.