চীনত এইবাৰ বান্দৰৰ পৰা ভয়ংকৰ ভাইৰাছ!

ইন্টাৰনেচনেল ডেস্ক-

বেইজিঙত এজন পশু চিকিৎসকৰ মাঙ্কি বি ভাইৰাছ (বিভি) নামৰ আন এক মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। এয়া চীনৰ প্ৰথম মাঙ্কি বি ভাইৰাছৰ (বিভি) মানৱ সংক্ৰমণত আক্ৰান্ত আৰু মৃত্যুৰ ঘটনা হিচাপে নিশ্চিত কৰা হৈছে। চীনৰ সাপ্তাহিক ইংৰাজী প্লেটফৰ্ম ‘চাইনিজ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্ৰিভেনশ্যন’এ শনিবাৰে প্ৰকাশ কৰা অনুসৰি, অ-মানৱ প্ৰাইমেটৰ ওপৰত গৱেষণা কৰি থকা এটা প্ৰতিষ্ঠানত কাম কৰা ৫৩ বছৰীয়া পুৰুষ পশু চিকিৎসকজনে মাৰ্চৰ আৰম্ভণিতে দুটা মৃত বান্দৰ কটাৰ এমাহ পিছত ওকালি অহা আৰু বমি হোৱাৰ লক্ষণ দেখুৱাইছিল। পশু চিকিৎসকজনে বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও আৰোগ্য লাভ কৰা নাছিল । অৱশেষত ২৭ মে’ত চিকিৎসকজনৰ মৃত্যু ঘটে।

চীনত আগতে কোনো মাৰাত্মক বিভি সংক্ৰমণ ঘটা নাছিল যদিও পশু চিকিৎসকৰ ঘটনাটোৱে চীনত চিনাক্ত কৰা বিভিৰ প্ৰথম মানৱ সংক্ৰমণৰ ঘটনা হিচাপে চিহ্নিত হৈছে।

ইফালে, গৱেষকসকলে এপ্ৰিলতে পশু চিকিৎসক গৰাকীৰ চেৰিব্ৰোস্পাইনেল তৰল সংগ্ৰহ কৰিছিল আৰু তেওঁক বিভি পজিটিভ বুলি চিনাক্ত কৰিছিল। অবশ্যে তেওঁৰ সংস্পৰ্শত অহা ব্যক্তিসকলৰ পৰা সংগ্ৰহ কৰা নমুনাই ভাইৰাছটোৰ নিগেটিভ ফলাফল দেখুৱায়।

উল্লেখ্য যে, ২০১৯ চনৰ শেষৰ ফালে চীনৰ য়ুহানত কোভিডৰ প্ৰথম ঘটনাটো ধৰা পৰিছিল আৰু ই সোনকালেই দাবানলৰ দৰে বিয়পি পৰিছিল। ভাৰতকে ধৰি কেইবাখনো দেশ বৰ্তমান দ্বিতীয় আৰু তৃতীয় ঢৌৰ কবলত আছে। যদিহে চীনে সময়ত বিভি ভাইৰাছ নিৰ্মূল কৰিব নোৱাৰে, তেন্তে অনাগত সময়ত ই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.