ছত্তীশগড়ত পুনৰ সংঘৰ্ষত নিহত নক্সালবাদী

ছত্তীশগড়ত নিৰাপত্তাৰক্ষী আৰু সশস্ত্ৰ নক্সালৰ ভয়ংকৰ সংঘৰ্ষ। সংঘৰ্ষত নিহত এজন নক্সাল। জানিব পৰা মতে, আজি পুৱা ছত্তীশগড়ৰ চুকমা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় এজন নক্সাল। চিন্তালনাৰ আৰক্ষী থানাৰ অন্তৰ্গত থিম্মাপুৰম গাঁৱৰ ওচৰত পুৱা প্ৰায় ৬.৪৫ বজাত জিলা ৰিজাৰ্ভ গাৰ্ড আৰু চিআৰপিএফৰ কোব্ৰা ২০১নং বেটেলিয়নৰ এটা যুটীয়া দলে ভিতৰুৱা অঞ্চলত চলি থকা পথ নিৰ্মাণ কাৰ্যৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে তহল দি থকা অৱস্থাত সশস্ত্ৰ আলট্ৰাৰ এটা দলে টহলদাৰী দলটোৰ ওপৰত গুলীচালনা কৰে। প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়ে কৰা প্ৰত্যাক্ৰমণত ঘটনাস্থলীতে নিহত হয় এজন নক্সাল । নিহত নক্সালৰ পৰা নিৰাপত্তাবাহিনীয়ে জব্দ কৰে এটা আগ্নেয়াস্ত্ৰ।

উল্লেখ্য যে,যোৱা দুসপ্তাহত ৰাজ্যখনৰ বস্তাৰ অঞ্চলত নিৰাপত্তাবাহিনী আৰু নক্সালৰ মাজত পাঁচটা পৃথক সংঘৰ্ষত নিহত হৈছে সাতজনকৈ নক্সাল।।

You might also like
Leave A Reply

Your email address will not be published.