ছিঃ! এয়া উপায়ুক্তৰ কাৰ্যালয়!!

মোডী চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ পঁয়ালগা ৰূপ প্ৰতিফলিত হৈছে প্ৰশাসনীয় মুৰব্বীৰ কাৰ্যালয়ত।মঙলদৈ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ গ’লেই আপুনি অনুভৱ কৰিব স্বচ্ছতাৰ বৰ বৰ শ্লোগান আওঁৰোৱা চৰকাৰী আঁচনিৰ স্বৰূপ।কাৰ্যালয়ৰ বাহিৰতো নহয়,মঙলদৈৰ উপায়ুক্তৰ সদাব্যস্ত সভাকক্ষৰ গাতে লাগি থকা টয়লেট তথা ৱাশ্বৰূমৰ কদৰ্য ৰূপ দেখিলে যিকোনো সচেতন লোকৰে চকু কপালত উঠিব। এখন জিলাৰ প্ৰশাসনীয় মুৰব্বী গৰাকীৰ কাৰ্যালয়তেই এনে চৰম কদৰ্যতা দেখাৰ পাছত স্বচ্ছ ভাৰতৰ প্ৰতি চৰকাৰী বিভাগৰ আন্তৰিকতা সহজেই অনুমেয়।।

You might also like
Leave A Reply

Your email address will not be published.