জনপ্ৰিয়তা কমিল মোডীৰ, পঞ্চম স্থানতহে হিমন্ত

নেচনেল ডেস্ক-

বিগত বৰ্ষৰ তুলনাত অভাৱনীয় ভাবে হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তা।যোৱা বছৰলৈকে দেশৰ ৬৬ শতাংশ লোকৰ মাজত জনপ্ৰিয় মোডীৰ জনপ্ৰিয়তা চলিত মাহত ২৪ শতাংশলৈ অৱনমিত হৈছে। ‘ইণ্ডিয়া টুডে’ আলোচনীৰ ‘মুড অব্ দি নেচন’ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। সমীক্ষাটোৰ মতে মোডীৰ পাছতে এইবেলি প্ৰধানমন্ত্ৰী ৰূপে দেশৰ ১১ শতাংশ লোকৰ দ্বিতীয় পছন্দ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। আনহাতে ১০ শতাংশ হাৰেৰে প্ৰধানমন্ত্ৰী পদত দেশবাসীৰ তৃতীয় পছন্দ কংগ্ৰেছ নেতা ৰাহুল গান্ধী।৮ শতাংশ লোকে প্ৰধানমন্ত্ৰী ৰূপে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিছৰাৰ বিপৰীতে ৭ শতাংশৰহে এই পদত পছন্দ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

ইফালে সমীক্ষাটোৰ মতে দেশৰ পছন্দৰ মুখ্যমন্ত্ৰী সকলৰ তালিকাত পঞ্চম স্থানতহে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে যৌথভাৱ আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। মুখ্যমন্ত্ৰী ৰূপে প্ৰথম স্থানত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, দ্বিতীয় স্থানত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, তৃতীয় স্থানত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু চতুৰ্থ স্থানত আছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ নাম। সমীক্ষাটোৰ মতে দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সকলৰ তালিকাত শীৰ্ষ ১০ গৰাকীৰ মাজত বিজেপিৰ ২ গৰাকী মুখ্যমন্ত্ৰীহে আছে।এইসকলৰ মাজত তালিকাৰ সপ্তম স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

সমীক্ষাত প্ৰকাশ পোৱা তথ্য মতে এইবেলি দেশবাসীৰ পছন্দৰ প্ৰধানমন্ত্ৰীৰূপে মোডী আৰু অমিত শ্বাহৰ বাহিৰে আন সকলৰ প্ৰতি মানুহৰ সমৰ্থন বৃদ্ধি পাইছে।।

You might also like
Leave A Reply

Your email address will not be published.