জম্মু-কাশ্মীৰত পাকিস্তানী ড্ৰাগছ ব্যৱসায়ীক হত্যা

জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ বৃহৎ সফলতা।আজি জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত BSFএ পাকিস্তানৰ পৰা অহা তিনিটা ড্ৰাগছ ব্যৱসায়ীক গুলীয়াই হত্যা কৰে। পুৱতি নিশা জম্মু-কাশ্মীৰৰ চাম্বা চেক্টৰত সংঘটিত হয় এই ঘটনা।বিএছএফে নিহত ড্ৰাগছ ব্যৱসায়ীকেইটাৰ পৰা উদ্ধাৰ কৰে ৩৬ পেকেট হেৰ’ইন। এই সন্দৰ্ভত অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে সীমান্ত সুৰক্ষা বাহিনীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.