জম্মু-কাশ্মীৰৰ পুলৱামাত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২৮ গৰাকী আহত

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰৰ পুলৱামা জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। জিলাখনৰ বৰছু অঞ্চলৰ শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এই ঘটনা। যাত্ৰীবাহী বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২৮ গৰাকী আহত হয়। মৃত্যু হোৱা চাৰি যাত্ৰী বিহাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আহত ২৮ যাত্ৰীৰ ২৩ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.