জয়পুৰত জব্দ ২.৩১কোটি টকাসহ ১ কিলোগ্ৰাম সোণ!

 

নেচনেল ডেস্ক:

ৰাজস্থানৰ জয়পুৰৰ য়োজনা ভৱনত জব্দ বৃহৎ পৰিমাণৰ ধন৷ ভৱনটোৰ পৰা ২ কোটি ৩১লাখ টকাৰ লগতে ১ কিলোগ্ৰাম সোণো জব্দ কৰে অশোক নগৰ আৰক্ষীয়ে ৷ এটা আলমাৰীৰ ভিতৰত ৰখা ট্ৰলীত আছিল ২০০০ আৰু ৫০০ টকীয়া নোট খিনি।
জয়পুৰৰ আৰক্ষী আয়ুক্ত আনন্দ শ্ৰীবাস্তৱৰ মতে ই-ফাইলিং প্ৰকল্পৰ অধীনত ফাইলসমূহ ডিজিলেটাইজ কৰাৰ সময়ত য়োজনা ভৱনৰ বিষয়াসকলে উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ ধনৰ লগতে সোণখিনি । ইফালে জব্দকৃত ধন আৰু সোণৰ ৰহস্য বিছাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ বিভাগটোৰ ৮ গৰাকীকৈ বিষয়াক আটক কৰি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।I

You might also like
Leave A Reply

Your email address will not be published.