টকিঅ’ত অলিম্পিকৰ বৰ্ণাঢ্য সামৰণি অনুষ্ঠান

আৰম্ভ হ’ল টকিঅ’ অলিম্পিকৰ সামৰণি অনুষ্ঠান।ভাৰতীয় সময়মতে বিয়লি ৪:৩০ বজাৰ পৰা আৰম্ভ হোৱা বৰ্ণাঢ্য সামৰণি অনুষ্ঠানটি নিশা ৭ বজালৈ চলিব। অলিম্পিকৰ ইতিহাসত এটা স্বৰ্ণ সহ মুঠ ৭ টা পদকেৰে এইবেলি ভাৰতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন সাব্যস্ত কৰিবলৈ সক্ষম হয়।ইয়াৰে দুটা ৰূপৰ আৰু চাৰিটা ব্ৰঞ্জৰ পদক। মণিপুৰৰ মীৰাবাঈ চানুৰ ৰূপৰ পদক আৰু অসম কণ্যা লাভলীনাৰ ব্ৰঞ্জৰ পদক সহ উত্তৰ-পূৰ্বাঞ্চলে এইবেলি দেশৰ হৈ দুটাকৈ অলিম্পিক পদক জয় কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়।

ইফালে টকিঅ’ অলিম্পিকৰ অন্তিম দিনটোত ৩ টাকৈ স্বৰ্ণ জিনি মাৰ্কিন যুক্তৰাষ্ট্ৰই মুঠ ৩৯ টা সোনৰ পদকেৰে চীনক চেৰাই তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়।দ্বিতীয় স্থানত থকা চীনে লাভ কৰে মুঠ ৩৮ টা স্বৰ্ণ পদক।।

You might also like
Leave A Reply

Your email address will not be published.