টাৱাং জিলাত ১৪,০০০ ফুট উচ্চতাত ঐতিহাসিক ত্ৰিৰংগা যাত্ৰা
মাগো, তাৱাংঃ
১৪,০০০ ফুট উচ্চতাত দেশপ্ৰেম আৰু দলগত কামৰ অপূৰ্ব মিলন দেখা গ’ল, যেতিয়া ভাৰতীয় সেনাৰ গজৰাজ ক’ৰ্পে চুনাৰ আগবাৰ্তি অঞ্চলত ত্ৰিৰংগা মার্চৰ নেতৃত্ব দিয়ে ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰিলে।এটা অভিনৱ প্ৰচেষ্টাৰ অংশ হিচাপে ১৬০ গোৰ্খা সেনা আৰু সংলগ্ন সেনা,লগতে ২৫ ITBP জোৱানে ১০০ মিটাৰ দীঘল জাতীয় পতাকা সেউজীয়া হিমালয়ৰ ঘাঁহনি অঞ্চলৰ মাজেৰে লৈ যায়। তেওঁলোকৰ সৈতে প্ৰায় ১৫০ স্থানীয় গাঁওবাসীয়ে অংশ লয়। ইয়াৰ ভিতৰত সৰু ল’ৰা-ছোৱালী আৰু শিশুসকলো আছিল।সহায়ক আয়ুক্ত থুটান ৱাংচুৰ নেতৃত্বত এই ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত হৈছিল। কেন্দ্ৰীয় উচ্চ তিব্বতি অধ্যয়ন প্ৰতিষ্ঠানৰ ২৩ জন ছাত্ৰ আৰু এজন শিক্ষকেও এই যাত্ৰাত অংশ লৈছিল।যাত্ৰাৰ পিছত সকলো সংস্থাই একেলগে ‘ন’ প্লাষ্টিক জ’ন’ পৰিষ্কাৰ অভিযান চলায়। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই প্ৰচেষ্টাৰ প্ৰশংসা কৰি ইয়াক “ভাৰতৰ আত্মা শিখৰত” বুলি বৰ্ণনা কৰে। মাগো আৰু চুনা গাঁওখনৰ প্ৰতি ঘৰতে জাতীয় পতাকা উত্তোলন কৰি পৰিৱেশ অধিক বিন্দনীয়া কৰা হয়।