ডঃ অনিমা গুহৰ দেহাৱসান

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত-

বৰেণ্য সাহিত্যিক, সমাজসেৱিকা,শিক্ষাব্ৰতী ডঃ অনিমা গুহৰ দেহাৱসান। মহানগৰীৰ আৰ্য্য হস্পাটালত আজি বিয়লি ৩:২০ বজাত মৃত্যুক আঁকোৱালি ল’লে ডঃ অনিমা গুহই। মৃত্যুৰ সময়ত বৰেণ্য মহীয়সী গৰাকীৰ বয়স আছিল ৯০ বছৰ। একাধিক প্ৰখ্যাত গ্ৰন্থ, গৱেষণামূলক সাহিত্য কৰ্মৰ প্ৰণেতা ডঃ অনিমা গুহৰ স্বামী ৰাজ্যৰ স্বনামধন্য ইতিহাসবিদ, অৰ্থনীতিবিদ তথা কবি প্ৰয়াত ডঃ অমলেন্দু গুহৰ ২০১৫ চনত মৃত্যু ঘটিছিল।

বিভিন্ন নাৰীবাদী সংগঠনৰ লগতে সমাজ সেৱামূলক অনুষ্ঠান আদিৰেও জড়িত বৰেণ্য সাহিত্যিক গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ বৌদ্ধিক মহল।ডঃ অনিমা গুহৰ দেহাৱসানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন ব্যক্তি,দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.