ডিগবৈত শ্ৰমিকৰ অনশন কাৰ্যসূচী অব্যাহত
ডিগবৈ, ১২ জুনঃ সংযুক্ত ভাৰতীয় মজদুৰ সংঘৰ উদ্যোগত এ অ’চি লেবাৰ ইউনিয়নে কালিৰ পৰা আমৰণ অনশন ধর্মঘট পালন কৰিছে। ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ অপ্রতিদ্বন্দ্বী এ অ’চি লেবাৰ ইউনিয়ন হৈছে এক পুৰণি শ্রমিক সংগঠন। এই শ্রমিক সংগঠনটোৱে বিভিন্ন সময়ত ভাৰতীয় তেল নিগম লিমিটেড কর্তৃপক্ষৰ ওচৰত শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সততে মাত মাতি আহিছে। ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলে শ্রমিকব সমস্যাসমূহ সমাধান কৰাত ব্যর্থ কিম্বা হেমাহি কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এঅচি লেবাৰ ইউনিয়নে ডিগবৈ শোধনাগাৰৰ প্রশাসনিক ভৱনৰ মুখ্য প্ৰৱেশদ্বাৰৰ সমীপত ১০ জুনত আৰম্ভ কৰি আজি দিনটো আমৰণ অনশন ধর্মঘট পালন কৰে। পদোন্নতি নীতিৰ অধীনত শ্রমিকৰ পৰা বিষয়ালৈ বেকলগ খালী পদ বাতিল কৰা, ২০২০-২০২৪ বৰ্ষৰ বাবে পিএলআইৰ ধন পৰিশোধ নকৰা, শ্ৰমিকৰ চিকিৎসা সেৱাৰ সুবিধাসমূহত সীমিত কৰা, শ্ৰমিকৰ ওপৰত বিভিন্ন ধৰণৰ হাৰাশাস্তি, কর্তৃপক্ষই কৰ্মচাৰীৰ প্ৰতি হেমাহি মনোভাৱ পোষণ আৰু দীর্ঘদিন ধৰি বাকী থকা চাহিদা পূৰণ কৰাত চূড়ান্তভাৱে ব্যর্থ হোৱাৰ প্ৰতিবাদত এঅচি লেবাৰ ইউনিয়নে আমৰণ অনশন ধর্মঘট পালন কৰে । ১৩ জুনত দিল্লীত হ’বলগীয়া দ্বি-পাক্ষিক আলোচনাত যদিহে ফলপ্রসূ সমাধান সূত্র নোলাই তেন্তে পুনৰ অধিক শক্তিশালী ৰূপত এ অ’চি লেবাৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সাংবাদিকক সদৰী কৰে লেবাৰ ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক হীৰুমণি ৰাজকোঁৱৰে।