ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি!

ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন! জানিব পৰা মতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ডিচেম্বৰৰ প্ৰথম সপ্তাহত ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা। দুয়োখন দেশৰ মাজত বাৰ্ষিক সন্মিলনৰ বাবে প্ৰত্যাশিত তাৰিখ ধাৰ্য কৰা হৈছে ৬ ডিচেম্বৰ। এদিনীয়া ভাৰত ভ্ৰমণত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক উচ্চস্তৰীয় আলোচনাত মিলিত হ’ব। ভ্ৰমণৰ সময়ত কেইবাটাও চুক্তি স্বাক্ষৰিত হ’ব বুলি আশা কৰা হৈছে। ইফালে এছ ৪০০ প্ৰতিৰক্ষা প্ৰণালীৰ প্ৰথমটো কিস্তি এই বছৰৰ শেষৰ ফালে ভাৰত আহি পোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, পুটিনে শেষবাৰৰ বাবে ২০১৮ চনত বাৰ্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণৰ সময়তে ভাৰত আৰু ৰাছিয়াৰ মাজত এছ ৪০০ প্ৰণালীৰ চুক্তি স্বাক্ষৰিত হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.