ডিব্ৰুগড়ত বিশ্ব পৰিৱেশ দিৱস পালন

ডিব্ৰুগড়ত বিশ্ব পৰিৱেশ দিৱস পালন

ডিব্ৰুগড়, ৫ জুনঃ ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উদ্যোগত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ আৰু মোহনাঘাট প্ৰগতি সংঘৰ সহযোগত ডিব্ৰুগড়ত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱস। ডিব্ৰুগড় ঐতিহাসিক মোহনাঘাটত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰূপন, বাটৰ নাট প্ৰদৰ্শন আৰু সম্বৰ্ধনা আদি অনুষ্ঠান ৰূপায়ন কৰা হয়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা, প্ৰাক্তন সভাপতি তথা জেষ্ঠ সাংবাদিক মনোৰঞ্জন হাজৰিকা, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা,আমোলাপট্টি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশিষ্ট নিৱন্ধকাৰ চন্দন ফুকন, প্ৰগতি সংঘৰ যোগমায়া চাংকাকতি, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক মুক্তামণি হাজৰিকাকে প্ৰমুখ্যে কৰি বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানত আমোলাট্টি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী সকলে “প্লাষ্টিক প্ৰদূষণ” আৰু “বানপানী সময়ত প্লাষ্টিকৰ প্ৰভাৱ” শীৰ্ষক দুখনকৈ বাটৰ নাট প্ৰদৰ্শন কৰি উপস্থিত সকলক আপ্লুত কৰা লগতে সজাগতা সৃষ্টি কৰে। বৃহত্তৰ প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক হোমেন ফুকনে শলাগ জ্ঞাপন কৰা বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত উপস্থিত বিশিষ্ট ব্যক্তি সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে ফল-মুল গছকে ধৰি প্ৰায় শতাধিক বিভিন্ন গছপুলি ৰূপন কৰে ব্ৰহ্মপুত্ৰৰ মঠাউৰীত। উল্লেখযোগ্য যে, উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় জিলা সাংবাদিক সন্থাই প্ৰতি বছৰে বিশ্ব পৰিবেশ দিৱস কাৰ্যসূচী উপলক্ষে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। উক্ত অনুষ্ঠানতে ডিব্ৰুগড়ৰ যুৱ সাংবাদিক জেছিম আহমেদক ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

ডিব্ৰুগড় পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এন ই ভাৰত ২৪

You might also like
Leave A Reply

Your email address will not be published.