ডুমডুমা প্ৰেছ ক্লাৱৰ মধ্যকালীন অধিৱশন

স্থানীয় সংবাদদাতা-

তিনিচুকীয়া জিলাৰ অন্যতম শক্তিশালী সাংবাদিক সংগঠন ডুমডুমা প্ৰেছ ক্লাবৰ মধ্যকালীন অধিৱশনখন আজি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয় । পূৱা ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি অনুজ কলিতাই পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক মনোজ বৰুৱাই স্মৃতি তৰ্পন কৰে । ইয়াৰ পাছত অনুজ কলিতাৰ সভাপতিত্বত অনুষ্ঠিতসাধাৰণ সভাত ডুমডুমা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক উপ সভাপতি তথা প্ৰাক্তন সভাপতি, জ্যেষ্ঠ সাংবাদিক পৱন দত্তক বিশেষ সম্বৰ্দ্ধনা জনোৱাৰ লগতে এই অনুষ্ঠানত নৱ নিযুক্ত ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাক সম্বৰ্দ্ধনা জনোৱা হয় । অনুষ্টপীয়াকৈ আয়োজন কৰা এই সভাত ডুমডুমাক মহকুমা ঘোষণা কৰা, বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আন্তঃগাঠনি উন্নত কৰা, ডুমডুমা আৰক্ষী থানাৰ শক্তি বৃদ্ধি কৰা, ডুমডুমাত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰা আদি চাৰিটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাখনত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, সহ সম্পাদক ৰমনী বুঢ়াগোঁহাই, কাৰ্যনিৰ্বাহক সদস্য মানস প্ৰতিম গগৈ উপস্থিত থাকে ।।

You might also like
Leave A Reply

Your email address will not be published.