ডেৰ ঘন্টাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতিৰ আসনত কমলা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ- ৰাষ্ট্ৰপতি কমলা হেৰিছ শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ ক্ষমতা পোৱা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগনিত হয়। উল্লেখ্য যে ৰাষ্ট্ৰপতি জো বাইডেনে অস্থায়ীভাৱে কমলা হেৰিছলৈ ৰাষ্ট্ৰপতিৰ ক্ষমতা হস্তান্তৰ কৰিছিল। বাইডেন ১ ঘণ্টা ২৫ মিনিটৰ বাবে নিয়মীয়া কলনোস্কোপীৰ বাবে এনাস্থেচিয়াৰ অধীনত থকাৰ সময়তে তেওঁৰ দায়িত্ব সাময়িক ভাবে অৰ্পণ কৰা হৈছিল উপ-ৰাষ্ট্ৰপতি গৰাকীক।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা, প্ৰথম কৃষ্ণাংগ আৰু প্ৰথম দক্ষিণ এছিয়াৰ উপ-ৰাষ্ট্ৰপতি হেৰিছে দেশখনত ৰাষ্ট্ৰপতিৰ মৰ্যদা লাভ কৰা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগনিত হ’ল।।

You might also like
Leave A Reply

Your email address will not be published.