ড্ৰাগছৰ গোচৰত পুনৰ জালত বলীউডৰ অভিনেতা

নিষিদ্ধ ড্ৰাগছ ঘৰত মজুত ৰখাৰ অপৰাধত গ্ৰেপ্তাৰবৰণ কৰিবলগীয়া হ’ল বলিউডৰ আন এজন অভিনেতা। নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এন চি বি)য়ে শনিবাৰে ড্ৰাগছৰ গোচৰত বলিউডৰ অভিনেতা আৰমান কোহলীক গ্ৰেপ্তাৰ কৰে। অভিনেতাজনক দেওবাৰে মুম্বাইৰ আদালতত হাজিৰ কৰোৱা হ’ব বুলি এন চি বিয়ে জনায়।

অভিনেতাজনক এন ডি পি এছ (নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স) আইনৰ ২১(এ), ২৭(ক), ২৮, ২৯, ৩০ আৰু ৩৫ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।এন চি বিৰ মুম্বাইস্থিত কাৰ্যালয়ে শনিবাৰে সন্ধিয়া আন্ধেৰীৰ আৰমানৰ বাসগৃহত তালাচী চলায় সামান্য পৰিমাণৰ কোকেইন উদ্ধাৰ কৰে। পাছত অধিক জেৰাৰ বাবে অভিনেতাজনক আটক কৰা হয়। গ্ৰেপ্তাৰ হোৱাৰ সময়ত তেওঁক নিচাগ্ৰস্ত অৱস্থাত পোৱা গৈছিল বুলি সদৰি কৰে এনচিবিৰ বিষয়াসকলে।।

You might also like
Leave A Reply

Your email address will not be published.