ঢেকীয়াজুলিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

ঢেকীয়াজুলিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

ঢেকীয়াজুলি, ৫ জুনঃ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংহলে আজি দিনজোৰা কাৰ্যসূচীৰে নিজ সমষ্টি ঢেকিয়াজুলিত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে আজি পুৱা ঢেকীয়াজুলিৰ ত্রিমূর্তি ভৱনত অংগনৱাড়ী কর্মীসকলৰ মাজত স্মার্টফোন বিতৰণ কৰে। তাৰ পাছতে তেওঁ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত আয়োজিত বিশ্ব পৰিৱেশ দিৱস উদযাপনত অংশগ্ৰহণ কৰে। দূপৰীয়া তেওঁ সমষ্টিটোৰ চিতলমাৰীত বান ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰে। বিয়লি মন্ত্ৰী সিংহলে তিনখৰীয়া চাহ বাগিচাত নিৰ্মিত মহাপ্রভু জগন্নাথ সমূহীয়া ভৱন আৰু দক্ষতা কেন্দ্ৰটি আনুষ্ঠানিকভাৱে পৰিচালনা সমিতিলৈ হস্তান্তৰ কৰে।

অংগনৱাড়ী কর্মীসকলৰ মাজত স্মার্টফোন বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী সিংহলে কয় যে অতি নিষ্ঠাৰে সেৱা আগবঢ়াই সমাজখন সমৃদ্ধ কৰি ৰখা আমাৰ অঙ্গনৱাড়ী কৰ্মীসকলে সমাজখনৰ উত্তৰণ আৰু গতিশীলতাক অনন্য মাত্ৰা প্ৰদান কৰিছে। তেওঁলোকৰ সবলীকৰণৰ লগতে তৃণমূল পৰ্যায়ৰ সেৱাপ্ৰদান প্ৰক্ৰিয়াক অধিক মসৃণ কৰাৰ উদেশ্য আগত ৰাখি গ্ৰহণ কৰা এই পদক্ষেপে দ্ৰুত প্ৰতিবেদন প্ৰদান, শিশু আৰু মাতৃৰ স্বাস্থ্যৰ উন্নত মানৰ নিৰীক্ষণ আৰু কল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ কাৰ্যক্ষমতাৰ দ্ৰুত বাস্তৱায়নত বিশেষ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত আয়োজিত বিশ্ব পৰিৱেশ দিৱস উদযাপনত অংশগ্ৰহণ কৰি মন্ত্ৰী সিংহলে এটি গছৰ পুলি ৰোপণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ লগত পৰিৱেশ সংৰক্ষণৰ সজাগতা সম্পৰ্কে অন্তৰংগ আলাপতো অংশ লয়। দূপৰীয়াৰ ভাগত তেওঁ সমষ্টিটোৰ চিতলমাৰীত বান ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে শেহতীয়া বানত দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুওৱা ঢেকিয়াজুলিৰ ৩ নং চিতলমাৰী গাঁ‌ৱৰ নিবাসী স্বৰ্গীয় সুশীল ৰায়ৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সান্ত্বনা দিয়াৰ লগতে চৰকাৰী সাহায্যৰূপে ৪ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়ায়।

আজি বিয়লি মন্ত্ৰী সিংহলে ঢেকীয়াজুলি সমষ্টিৰ তিনখৰীয়া চাহ বাগিচাত মহাপ্ৰভূ জগন্নাথ সমূহীয়া ভৱন আৰু দক্ষতা কেন্দ্ৰ আনুষ্ঠানিকভাৱে পৰিচালনা সমিতিলৈ হস্তান্তৰ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ শৈক্ষিক, সামাজিক আৰু বৌদ্ধিক উত্তৰণৰ লক্ষ্য আগত ৰাখি ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন চাহ বাগিচাত স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে প্ৰতিটো কেন্দ্ৰৰ বাবদ ১.৫০ কোটি টকাকৈ মুঠ ৭৫০ কোটি টকা ব্যয়েৰে সমগ্ৰ ৰাজ্যৰ ৫০০ খন চাহ বাগিচাত নিৰ্মাণ কৰিবলৈ লোৱা এই মহাপ্ৰভূ জগন্নাথ সমূহীয়া ভৱন আৰু দক্ষতা কেন্দ্ৰ হৈছে বাগিচাৰ ৰাইজৰ বাবে ৰাজ্য চৰকাৰৰ এক মৰমৰ উপহাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ঢেকীয়াজুলিৰ ৰাইজৰ প্ৰতি থকা সদিচ্ছাৰ চিনস্বৰূপে সমষ্টিটোৰ ১৭ খনকৈ চাহ বাগিচাত এই কেন্দ্ৰ নিৰ্মাণ কৰি থকা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়ালৈকে ইয়াৰে চাৰিখন বাগিচাত এই কেন্দ্ৰ মুকলি কৰিব পৰাকৈ সাজু হৈ উঠিছে। সেয়া হৈছে জুলীয়া, ডিব্ৰু-দৰং, তিনখৰীয়া আৰু পাণবাৰী চাহ বাগিচা। সমষ্টিটোত মহাপ্ৰভূ জগন্নাথ সমূহীয়া ভৱন আৰু দক্ষতা কেন্দ্ৰৰ নিৰ্মাণকাৰ্য চলি থকা অন্যান্য বাগিচাসমূহ হৈছে – বৰচলা, চাৰিদুৱাৰ, বেলশিৰি, খনাবাৰী, হীৰাজুলি, মনমোহিনীপুৰ, মোনাবাগ, অকাবিল, চপাই, শ্যামাগুৰি, নাৰায়ণপুৰ, হুগ্ৰাজুলি আৰু ধিৰাই চাহ বাগিচা।

You might also like
Leave A Reply

Your email address will not be published.