তিনিখন ইউৰোপীয় ৰাষ্ট্ৰলৈ ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

তিনিখন ইউৰোপীয় ৰাষ্ট্ৰলৈ তিনিদিনীয়া ভ্ৰমণ সূচীৰ অংশ হিচাপে সোমবাৰে জাৰ্মানীৰ বাৰ্লিনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।নৱনিযুক্ত জাৰ্মান চেঞ্চেলৰ ওলাফ শ্চোলজৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ অনুষ্ঠিত হ’ব প্ৰথমখন মুখামুখি বৈঠক । ষষ্ঠ আইজিচিৰ পিছত এক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ’ব য’ত প্ৰধানমন্ত্ৰী মোডী আৰু চেন্সেলৰ শ্চোলজে দুয়োখন দেশৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰী মোডীয়ে জাৰ্মানীত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময়ো কৰিব।

প্ৰধানমন্ত্ৰী মোডীয়ে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ ডেনমাৰ্ক আৰু ফ্ৰান্স ভ্ৰমণ কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী গৰাকীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডৰিকসেন আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ সৈতে বৈঠকত মিলিত হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.