দলৰ ওপৰত অসন্তুষ্ট হৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে অমৰিন্দৰ সিঙে। আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ মন্ত্ৰী পৰিষদৰ সৈতে ৰাজ্যপাল বনৱাৰী লাল পুৰোহিতক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিছে ।

ইয়াৰ পূৰ্বে, কেপ্তেইন অমৰিন্দৰ সিঙে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ সৈতে কথা পাতি তেওঁক দলে বাৰে বাৰে কৰা অপমান সন্দৰ্ভত নিজৰ ক্ষোভ ব্যক্ত কৰিছিল বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে ।।

You might also like
Leave A Reply

Your email address will not be published.