দাগী ‘গড মেন’ৰ বাবেহে হেনো ৰৈ আছে ক’ৰনা

নিউজ ডেস্ক-

যৌন কেলেংকাৰীকে ধৰি একাধিক অপৰাধত জড়িত হৈ সম্প্ৰতি ভাৰতৰ পৰা বিতাৰিত স্বয়ম্ভূ ‘গড মেন’ স্বামী নিত্যানন্দৰ বাবেহে হেনো দেশত ৰৈ আছে কৰ’না।তেওঁ ভাৰতৰ মাটিত ভৰি থলেই দেশৰ পৰা পলাব মহামাৰী। এই অদ্ভুত দাবী খোদ স্বামী নিত্যানন্দৰ।
কৰ’নাই সমগ্ৰ বিশ্বক সন্ত্ৰস্ত কৰাৰ সময়তে তথাকথিত ধৰ্মগুৰু স্বামী নিত্যানন্দই এই আজৱ দাবী কৰিছে। স্বামী নিত্যানন্দৰ এই দাবীয়ে বিশেষ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। স্বামী নিত্যানন্দ ধৰ্ষণ,লুন্ঠন আদি একাধিক অসামাজিক কামত জড়িত হৈ এতিয়া দেশৰ পৰা বিতাড়িত। সম্প্ৰতি ইকুয়েডৰ সমীপৰ এটা সাগৰীয় দ্বীপত এখন আশ্ৰম খুলি থিতাপি লৈছে তেওঁ। সেই দ্বীপৰ পৰাই স্বামী নিত্যানন্দই দাবী কৰিছে যে ভাৰতৰ মাটিত তেওঁ ভৰি দিলেই পলাব কৰ’না। স্বামী নিত্যানন্দৰ মতে তেওঁৰ গাত দেৱী লম্ভী আছে আৰু সেই দেৱীৰ ভয়ত তেওঁৰ পদাৰ্পণৰ লগে লগে ভাৰতৰ পৰা পলাব কৰ’না।।

You might also like
Leave A Reply

Your email address will not be published.