দিছপুৰত আজিৰ কেবিনেটৰ মূল সিদ্ধান্ত

আজিৰ কেবিনেটৰ সিদ্ধান্ত সমূহ-


▪️অসমৰ আৰক্ষীৰ সামগ্ৰিক ব্যৱস্থাক শক্তিশালী কৰাৰ কাৰণে আজিৰ কেবিনেটে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া সন্মানীয় হিমাংশু শেখৰ দাস আৰু অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান পি.ভি. ছুমন্তৰ নেতৃত্বত তিনি মাহৰ বাবে পুলিছ কমিচন গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু দুয়োকে মুখ্য সচিবৰ পদ মৰ্যাদা প্ৰদান কৰা হয়। অসম আৰক্ষীৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে এই কমিচনে কাম কৰি যাব।
▪️১ বছৰৰ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰ আৰম্ভণি হিচাপে আজি ক’ভিড সৃষ্টৰ পৰিৱেশৰ বাবে স্থগিত হৈ থকা অসম আৰক্ষীৰ ১৫,০০০ খালি পদৰ বাছনি অহা ১ ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ’ব। লগতে অসমৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধিৰ স্বাৰ্থত ৫টা নতুন বেটেলিয়ান গঠনৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে,যাৰ ফলত ৬,২৭০জন ব্যক্তিয়ে এই বেটেলিয়ানৰ অধীনত নতুনকৈ মকৰল কৰা হয়।
▪️ আজিৰ কেবিনেটত অসম চৰকাৰৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগক তথ্য আৰু জনসংযোগ বিভাগৰ সৈতে একত্ৰিত কৰি একেলগে তথ্য,জনসংযোগ,মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগ হিচাপে নামাকৰণ কৰা হয়।
ইয়াৰ লগতে Assam Public Enterprises বিভাগটোক উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৈতে আৰু পাছপোৰ্ট বিভাগক গৃহ বিভাগৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
▪️অসম চৰকাৰে কমনৱেলথ বা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলত পদক লাভ কৰা ক্ৰীড়াৱিদ সকললৈ প্ৰদান কৰা পেন্সন ৮,০০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এই পেন্সন সমূহ অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱৰ ওপজা দিন, “অভিৰুচি ক্ৰিয়া দিৱস”( ৩ ছেপ্টেম্বৰ)ৰ পৰা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে নতুনকৈ প্ৰায় ২৫০ জন খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হৈছে যদিয়ো কোনো খেলুৱৈ বাদ পৰি গ’লে ক্ৰিয়া বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰিব। লগতে অলিম্পিক,কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত পদক লাভ কৰা ক্ৰীড়াৱিদ সকলক গ্ৰেড ১ৰ, স্বীকৃতি প্ৰাপ্ত “ৱৰ্ল্ড চেম্পিয়নশ্বিপ”ত পদক লাভ কৰা সকলক গ্ৰেড ২ৰ আৰু “নেচনেল গেমছ”ত পদক প্ৰাপ্ত সকলক গ্ৰেড ৩ৰ চাকৰি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
▪️অসমৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা মৰাণ স্বায়ত্ব শাসিত পৰিষদ,মটক স্বায়ত্ব শাসিত পৰিষদ,কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ আৰু বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ‍্যক্ষ,উপাধ‍্যক্ষ তথা কাৰ্যবাহী সদস্য সমূহে বাকী স্বায়ত্ব শাসিত পৰিষদৰ দৰে সম দৰমহা আৰু সা-সুবিধা লাভ কৰিব।
▪️North-East Space Application Centerৰ সদ্য প্ৰাক্তন সঞ্চালক সন্মানীয় পি.এল.এন.ৰাজু ডাঙৰীয়াক নতুনকৈ গঠন হ’বলগীয়া Regional Space Application Centerৰ সঞ্চালক তথা বিশেষ সচিব হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই চেণ্টাৰে মহাকাশ বিজ্ঞানৰ সহায়ত বতৰ,বানপানী আদিৰ আগজাননী লাভ কৰাৰ লগতে কৃষি আদিকে ধৰি বিভিন্ন বিষয়ত সহায়ক হ’ব।
▪️আজিৰ কেবিনেটে দাতব্য তথা লাভ বিহীন ভাৱে ৰাইজৰ সেৱাতবৰ্তি উত্তৰ-পূৱৰ আগশাৰীৰ চকু চিকিৎসালয় “শংকৰদেৱ নেত্ৰালয়ে” চৰকাৰী আবন্টিত ভূমিৰ বাবে দিব লগা মাচুল মাফ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.