দিব্যাংগসকলৰ সহায়ক হোৱাকৈ বিভিন্ন সঁজুলি বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ
দিছপুৰ, ১৭ জুনঃ আজি জনতা ভৱনৰ পুৰণি চি এম ব্লকৰ সভাকক্ষত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাই বিশেষভাৱে দিব্যাংগসকলৰ সহায়ক হোৱাকৈ বিভিন্ন সঁজুলি বিতৰণ কৰে আৰু ট্রান্সজেণ্ডাৰ কল্যাণ ব’ৰ্ড আৰু ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰ নিৰ্মূলৰ দিশত কাম কৰা সংস্থাসমূহৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে।
সমাজৰ দিব্যাংগসকলৰ জীৱন-ধাৰণৰ মান উন্নীত কৰিবলৈ ৰাজ্য চৰকাৰ সংকল্পবদ্ধ বুলি কৈ মন্ত্ৰী হাজৰীকাই শাৰীৰিক অক্ষমতা নেওচি সকলোৰে সৈতে খোজ মিলাই যোৱাত সহায়ক হোৱাৰ উদ্দেশ্যে দিব্যাংগ ব্যক্তিসকলক অত্যাৱশ্যকীয় সহায়ক সঁজুলি যোগান ধৰিবলৈ বিভাগে লোৱা পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়ে।
জনতা ভৱনত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত আজি আয়োজিত অনুষ্ঠানত দিব্যাংগ ব্যক্তিসকলৰ মাজত হুইল চেয়াৰ, শ্ৰৱণ যন্ত্ৰ, স্মাৰ্ট কেন আদি প্ৰদান কৰা হয়। মন্ত্ৰী গৰাকীয়ে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সমাজত সম অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ সকলোৱে আগন্তুক দিনত নিষ্ঠাৰে কাম কৰি যোৱাৰ কথা দোহাৰে।
বিভাগৰ অধীনত প্ৰদান কৰা স্কলাৰশ্বিপ আচঁনিসমূহৰ পৰ্যালোচনা কৰি মন্ত্ৰী হাজৰীকাই কয় যে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিকৰ বৃত্তিৰ ক্ষেত্ৰত অন্যান্য পিছপৰা শ্ৰেণী (অবিচি) লাভকাৰীৰ সংখ্যাৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। নাবালক ছাত্ৰ এজনে নিজে পৰ্টেলত আবেদন কৰাটো কঠিন বুলি কৈ তেওঁ এই ক্ষেত্ৰত তেওঁলোকক সহায়ৰ প্ৰয়োজন বুলি জনায়। বৃত্তি কেনেকৈ আবেদন কৰিব পাৰি আদিৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে পূৰ্বতকৈ অধিক পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থী সকলক স্কলাৰশ্বিপ প্ৰদানৰ বাবে ব্যৱস্থা ল’বলৈ বিভাগৰ বিষয়ববীয়া সকলক নিৰ্দেশ প্ৰদান কৰে।
অবিচি শিক্ষাৰ্থীৰ স্কলাৰশ্বিপৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক স্পৃহা বৃদ্ধিৰ বাবে প্ৰতিখন জিলাৰ সমন্বয়কৰ লক্ষ্য ৩০ শতাংশ বৃদ্ধি কৰিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ অ’বিচি ছাত্ৰ-ছাত্ৰীক বৃত্তিৰ বাবে নামভৰ্তিৰ বাবে আন্তৰিকতাৰে কাম কৰিবলৈ অংশীদাৰসকলক আহ্বান জনায়।
ইয়াৰ পিছতে মন্ত্ৰী হাজৰীকাই আজি ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰ নিৰ্মূলৰ দিশত কাম কৰা সংস্থাসমূহৰ সৈতেও আলোচনাত মিলিত হয়।
গুৱাহাটীৰ পুনৰ্বাসন কেন্দ্ৰসমূহৰ কাম-কাজ পৰীক্ষাৰ বাবে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰিবৰ বাবে তেওঁ নিৰ্দেশ প্ৰদান কৰে । মন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰীত থকা এশৰো অধিক ৰিহেব চেণ্টাৰ সমূহলৈ আগজাননী নিদিয়াকৈ পৰিদৰ্শনৰ বাব গৈ ইয়াৰ কাৰ্য্যকলাপৰ বুজ ল’ব বুলি কয়। ৰিহাবত থকা কোনো চিকিৎসাধীন ব্যক্তিৰ অস্বাভাৱিক মৃত্যু হ’লে তেন্তে সেই পুনৰ্বাসন কেন্দ্ৰ স্থায়ীভাৱে বন্ধ কৰি দিয়া হ’ব আৰু মালিকক ব্লেক লিষ্টত ৰখা হ’ব বুলি মন্ত্ৰী হাজৰীকাই জানিবলৈ দিয়ে।
ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ট্রান্সজেণ্ডাৰ কল্যাণ বোর্ডৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকতো অংশগ্রহণ কৰে আৰু ট্রান্সজেণ্ডাৰসকলৰ বিভিন্ন সমস্যা, অসুবিধা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকক আই-কার্ড প্রদানকে আদি কৰি সমস্যাসমূহ সমাধান কৰিবলৈ ৰাজ্য চৰকাৰে অতি আন্তৰিকতাৰে কাম কৰি আছে বুলি সভাত উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই তেওঁলোকৰ সুৰক্ষাৰ বাবে আমি আগন্তুক দিনতো পদক্ষেপ গ্রহণ কৰি যাম বুলি অৱগত কৰে।
আজিৰ সভাত বিভাগৰ আয়ুক্ত সচিব পল্লৱ গোপাল ঝা, বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মান্তা, অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ড° কুলশ্ৰী নাথ সহ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে।