দুই শিল্পীলৈ বিষ্ণু ৰাভা বঁটা

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

কলাগুৰুৰ মৃত্যু তিথিৰ প্ৰাক মুহূৰ্তত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ২০২০-২১ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা।দৰঙৰ প্ৰখ্যাত সুকন্নানী ওজাপালি আৰু দেওধনী নৃত্যৰ সাধক দ্ৰোণ ভূঞাৰ লগতে চিত্ৰ, ভাস্কৰ্য শিল্পী সোনাৰাম নাথলৈ এইবেলি আগবঢ়োৱা হৈছে বিষ্ণু ৰাভা বঁটা।
পৰৱৰ্তী সময়ত বঁটা প্ৰদানৰ দিন ঘোষণা কৰিব চৰকাৰে।
১৯৯৩ চনৰ পৰা ৰাজ্য চৰকাৰে প্ৰদান কৰি অহা এই বঁটাত থাকিব ২ লাখকৈ টকা,প্ৰশস্তিপত্ৰ আৰু অংগবস্ত্ৰ।।

You might also like
Leave A Reply

Your email address will not be published.