দেশবাসীক নিৰাশ কৰিলে টীম ইণ্ডিয়াই

অধিনায়ক বাবৰ আজমৰ অপৰাজিত ৬৮ আৰু মহম্মদ ৰিজৱানৰ অপৰাজিত ৭৯ ৰানৰ সহায়ত বিশ্বকাপত ভাৰতক প্ৰথমবাৰৰ বাবে পৰাস্ত কৰি ইতিহাস ৰচিলে পাকিস্তানে।ডুবাই ইন্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ চুপাৰ-১২ৰ খেলত টীম ইণ্ডিয়াক ১০ উইকেটত পৰাস্ত কৰে চিৰবৈৰী পাকিস্তানে।টছত জিকি পাকিস্তানে পোনতে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ কৰে।দুৰ্বল বেটিঙেৰে আৰম্ভ কৰা ভাৰতে অধিনায়ক বিৰাট কোহলিৰ ৫৭ আৰু ঋষভ পন্টৰ ৩৯ ৰানৰ সহায়ত ২০ অ’ভাৰত ৭ টা উইকেট হেৰুৱাই ১৫১ ৰাণ কৰিবলৈ সক্ষম হয়।পাকিস্তানৰ চাহিন আফ্ৰিদীয়ে ৩ টা আৰু হাছান আলীয়ে ২ টা উইকেট দখল কৰে।প্ৰত্যুত্তৰত এটাও উইকেট নেহেৰুৱাকৈ মাত্ৰ ১৭.৫ অ’ভাৰতে পাকিস্তানে নিৰ্ধাৰিত লক্ষ্ত উপনিত হ’বলৈ সক্ষম হয়। উল্লেখযোগ্য যে টি-২০ বিশ্বকাপৰ ইতিহাসত ইয়াৰ পূৰ্বে পাঁচবাৰ ভাৰতৰ সৈতে মুখামুখী হোৱা পাকিস্তানে পাঁচোবাৰেই পৰাস্ত হোৱাৰ গ্লানি স্বীকাৰ কৰিব লগা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.