দেৱৰ্ষি নাৰদ জয়ন্তী উপলক্ষে বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ বক্তৃতানুষ্ঠান
গুৱাহাটী, ২৫ মে’ দেশ তথা সমাজৰ প্ৰতিকুল পৰিস্থিতিত ৰাইজক সজাগ আৰু সতৰ্ক কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সংবাদ মাধ্যমে ৷ বহুক্ষেত্ৰত সংবাদ মাধ্যমে চৰকাৰ বিৰোধী ভূমিকা গ্ৰহণ কৰি সুস্হ গণতন্ত্ৰ চলাই নিয়াৰ ক্ষেত্ৰত বিশেষ কৰ্তব্য পালন কৰে ৷ বিশ্বৰ প্ৰথমগৰাকী সাংবাদিক দেৱৰ্ষি নাৰদ মহাপ্ৰভুৱেও সমাজক বিভিন্ন দিশত সজাগ সচেতন কৰাৰ ক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণ কৰিছিল ৷ এনে এক ভাবাদর্শৰে বিশ্ব সংবাদ কেন্দ্র, অসমে প্ৰতিবছৰে দেৱৰ্ষি নাৰদ জয়ন্তী উদযাপন কৰি এক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰি এগৰাকী বিশিষ্ট সাংবাদিকক দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান কৰাৰ লগতে দুই-চাৰি গৰাকী সাংবাদিকক ৰাজহুৱাভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰি আহিছে । এই উদ্দেশ্য আগত ৰাখি এইবেলি দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা-২০২৫ বৰ্ষৰ বাবে নিৰ্বাচিত কৰা হৈছে অসমৰ বিশিষ্ট শিশু সাহিত্যিক তথা মৌচাকৰ সম্পাদক শান্তনু তামুলীক। আনহাতে, দেৱৰ্ষি নাৰদ জয়ন্তী উপলক্ষে অসমৰ তিনি গৰাকী সাংবাদিকক বিশেষভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ কথা ঘোষণা কৰিছে বিশ্ব সংবাদ কেন্দ্র, অসমৰ সম্পাদক কিশোৰ শিৱমে। এক প্ৰেছ বাৰ্তা যোগে বিশ্ব সংবাদ কেন্দ্র, অসমৰ সম্পাদক কিশোৰ শিৱমে জানিবলৈ দিয়া অনুসৰি, দেৱৰ্ষি নাৰদ জয়ন্তী উপলক্ষে বিশেষভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰিবলগীয়া তিনি গৰাকী সাংবাদিক ক্ৰমে, অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ উপ সম্পাদক হিমাংশু পাঠক , প্ৰাগ নিউজৰ ইনপুট এডিটৰ দিগন্ত চহৰীয়া আৰু নিয়মীয়া বাৰ্তা কাকতৰ ষ্টাফ ৰিপৰ্টাৰ খনিন ডেকা । আনহাতে, দেৱৰ্ষি নাৰদৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰৰ দৰে এইবেলিও বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ উদ্যোগত অহা ১ জুন ৰবিবাৰে আবেলি ৩’৩০ বজাত গুৱাহাটীৰ বৰবৰীস্হ সুদৰ্শনালয়ত আয়োজন কৰা হৈছে এক বিশেষ বক্তৃতানুষ্ঠান ৷ উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব এইচ ভি টি ভি ৰ সম্পাদক, বিশিষ্ট সাংবাদিক তথা দূৰদৰ্শনৰ পেনেলিষ্ট হৰ্ষবৰ্ধন ত্ৰিপাঠী । উক্ত অনুষ্ঠানতে দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা-২০২৫ প্ৰদান কৰাৰ লগতে আন তিনি গৰাকী সাংবাদিকক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হব। উল্লেখ্য, দেৱৰ্ষি নাৰদ জয়ন্তী বঁটাত নগদ ধনৰ লগতে মানপত্র প্ৰদান কৰা হব বুলি বিশ্ব সংবাদ কেন্দ্র, অসমৰ সম্পাদক কিশোৰ শিৱমে একেটা প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।