দৰং জিলাত চৰকাৰী আঁচনি ৰূপায়নৰ অগ্ৰগতি পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

দৰং জিলাত চৰকাৰী আঁচনি ৰূপায়নৰ অগ্ৰগতি পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

মঙলদৈ, ২০ জুন : দৰং জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বপ্ৰাপ্ত ৰাজ্যৰ ৰাজহমন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনত ৰূপায়িত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ কাৰ্যৰূপায়নৰ অগ্ৰগতি পৰ্যালোচনা কৰে। অভিভাৱক মন্ত্ৰীগৰাকীয়ে শুক্ৰবাৰে সন্ধিয়া জিলা সদৰ মঙলদৈস্থিত দৰং জিলা আয়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হৈ চৰকাৰৰ উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ন কাৰ্যৰ সবিশেষ বুজ লয়। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ-মঙলদৈ আৰু দলগাঁৱৰ বিধায়কত্ৰয় ক্ৰমে পৰমানন্দ ৰাজবংশী, বসন্ত দাস, মজিবুৰ ৰহমান, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস আৰু জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতীৰ উপস্থিতিত হোৱা বৈঠকখনত ‘অৰুণোদয় ৩.০’, ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’, ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান’, ‘এটি কলি দুটি পাত’, ‘মিছন বসুন্ধৰা ৩.০’ আঁচনিকেইখনৰ কাৰ্যৰূপায়ণৰ শেহতীয়া অগ্ৰগতি সন্দৰ্ভত পুংখানুপুংখ খতিয়ান লয় মন্ত্ৰী মহন্তই। ৰাজ্য চৰকাৰৰ এই অভিলাষী আঁচনিকেইখনৰ কাৰ্যৰূপায়নক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰতে সকলো কাম-কাজ নিয়াৰিকৈ সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্তৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়াসকলক অভিভাৱক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা আগবঢ়ায়। ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী মহন্তই এই বৈঠকতে জিলাখনৰ শেহতীয়া বানপৰিস্থিতি আৰু জিলা প্ৰশাসনৰ বানব্যৱস্থাপনাৰো বিতং পৰ্যালোচনা কৰি জিলা প্ৰশাসনক কেতবোৰ বিশেষ দিহা দিয়ে। আজিৰ পৰ্যালোচনা বৈঠকখনত জিলাখনৰ আৰক্ষী অধীক্ষক আৰু দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে জিলাখনৰ অতিৰিক্ত আয়ুক্ত, সম জিলা আয়ুক্ত, চক্ৰ বিষয়াসকল আৰু জিলাখনৰ বিভাগীয় মূৰব্বী বিষয়াসকলো উপস্থিত থাকে।

You might also like
Leave A Reply

Your email address will not be published.