নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সহ ২ মহিলা

নগাঁৱৰ কদমতলৰ পৰা হেৰ’ইনসহ দুই মহিলাক গ্ৰেপ্তাৰ।
মঙলবাৰে আনন্দ মিশ্ৰ বাহিনীৰ এন্টি নাৰ্কটিক স্কোৱাডে গোপন খবৰৰ ভিত্তিত নগাঁৱৰ কদমতলৰ মুন্না হোটেলত অভিযান চলাই এটা চাবুনৰ বাকচ ভৰ্তি সন্দেহজনক হেৰ’ইন সহ দুজনী মহিলাক আটক কৰে।‌ মহিলা দুজনীৰ পৰা আৰক্ষীয়ে নগত ১৬ হাজাৰ টকাৰ লগতে ৩ টা ম’বাইল ফোন জব্দ কৰে।আটকাধীন দুই মহিলাৰ নাম ৰহিমা খাতুন আৰু ৰেজমিনা খাতুন। ধৃত মহিলা দুজনীৰ ঘৰ ক্ৰমে জাগিৰোডৰ নেলী আৰু নগাঁৱৰ চলচলিত বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে এই দুই মহিলাৰ পৰিয়ালৰ আন একাধিক সদস্যও ড্ৰাগছ সৰবৰাহত জড়িত হৈ সম্প্ৰতি ৰঙাঘৰৰ আলহী হৈ আছে।।

You might also like
Leave A Reply

Your email address will not be published.