নাও দুৰ্ঘটনাত ২২গৰাকী লোকৰ মৃত্যু!

 

নেচনেল ডেস্ক:

কেৰালাত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত ইতিমধ্যে ২২ গৰাকী লোকৰ মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। দেওবাৰে কেৰালাৰ মালাপ্পুৰম জিলাৰ তনুৰ অঞ্চলৰ অট্টুমপুৰামৰ সমীপৰ কেটুংগাল বিলত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, শোকাৱহ দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ ১৪ গৰাকী সদস্য নিহত হয়। নিহত ১৪ গৰাকীৰ ভিতৰত এটি ৮ মহীয়া শিশুও আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত নাওখনত প্ৰায় ৪০ গৰাকী যাত্ৰী আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীৰ উদ্ধাৰ অভিযান অব্যাহত আছে।এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।নিহত সকলৰ পৰিয়াললৈ ঘোষণা কৰা হৈছে ২ লাখকৈ টকাৰ এককালীন ক্ষতিপূৰণ।।

You might also like
Leave A Reply

Your email address will not be published.