নাটক শেষ! আকৌ গ্ৰেপ্তাৰ উদণ্ড ৰাজকন্যাক

শেষ ৰক্ষা ন’হল উদণ্ড ৰাজকন্যাৰ! অৱশেষত তীব্ৰ বিতৰ্কৰ অন্তত আজি GNRC হস্পিতালৰ ICUত ধনৰ জোৰত বিনাৰোগে চিকিৎসাধীন হৈ থকা মডেল ৰাজকন্যা বৰুৱাক আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ’ল।যোৱা শণিবাৰে নিশা ১ বজাত সান্ধ্য আইন উলংঘা কৰি সুৰাৰ ৰাগীত মাতাল হৈ গাড়ী চলাই মহানগৰীৰ ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ৰাজকন্যাই।মডেল গৰাকীৰ গাড়ীৰ খুন্দাত ৮ জনকৈ কৰ্মৰত শ্ৰমিক গুৰুতৰ ভাবে আহত হোৱাৰ লগতে এজন শ্ৰমিকৰ দুয়োখন ভৰি চিঙি গৈছিল। ঘটনাৰ নিশা মাতাল ৰাজকন্যাক আটক কৰি আনিও দুৰ্বল কেছডায়েৰী বনাই ৰহস্যজনক ভাবে ২৪ ঘন্টাৰ ভিতৰতে দিছপুৰ আৰক্ষীয়ে জামিনত মুক্ত কৰি দিছিল। এই ঘটনাক লৈ চ’ছিয়েল মিডিয়াত উঠা তীব্ৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীক্ষীয়ে বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল। পৰবৰ্তী সময়ত ধনৰ বলত হস্পিতাল কতৃপক্ষক মেনজ কৰি মহানগৰীৰ GNRC হস্পিতালৰ ICUত বিনা কাৰণত আৰক্ষীৰ পৰা সাৰি থাকিবলৈ চিকিৎসাধীন হোৱাৰ নাটক ৰচিছিল মডেল গৰাকীয়ে।কিন্তু GMCHৰ মেডিকেল ব’ৰ্ডে মডেল গৰাকী সম্পূৰ্ণ সুস্থ বুলি দিয়া প্ৰতিবেদনৰ ভিত্তিত আজি পুনৰ আৰক্ষীয়ে আটক কৰিলে ৰাজকন্যাক। মডেল গৰাকীৰ ওপৰত আৰোপ কৰা হৈছে একাধিক ধাৰা।ইফালে আৰক্ষীয়ে দিছপুৰ থানাত হাজিৰ হ’বলৈ দিয়া চমন উলংঘাকাৰী ৰাজকন্যাক বিনা কাৰণত ICUত ৰক্ষণাবেক্ষণ দি ৰখা GNRC কৰ্তৃপক্ষও অচিৰেই আৰক্ষীৰ ৰোসত পৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.