নিৰৱে অন্ত পৰিল অম্বুবাচী

নিউজ ডেস্ক,এন ই ভাৰত

শুকুৰবাৰে নিশা ২ বাজি ৩০ মিনিটত সম্পন্ন হ’ল অম্বুবাচীৰ নিবৃত্তি। আজি নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰৰ লগতে কলিয়াবৰৰ শিলঘাটত থকা দ্বিতীয় শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ৰো বন্ধ হৈ থকা মন্দিৰৰ মূল দুৱাৰ খোল খাব । ইয়াৰ পূৰ্বে সম্পন্ন কৰা হ’ব দেৱীৰ নিত্য পূজা-অৰ্চনা। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰত বিগত বৰ্ষৰ লগতে এইবৰ্ষতো অনুষ্ঠিত নহ’ল অম্বুবাচী মেলা । কলিয়াবৰৰ শিলঘাটৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত অম্বুবাচীৰ এই সময়ছোৱাত মন্দিৰ স্থাপনৰ পৰা এই পৰ্যন্ত অনুষ্ঠিত হোৱা নাই অম্বুবাচী মেলা । কেৱল পালন কৰা হয় প্ৰবৃত্তি আৰু নিবৃত্তি ।যোৱা আহাৰৰ ৭ তাৰিখ অৰ্থাৎ ২২জুনৰ দুপৰীয়া ০২:০৬:০৭ বজাত হৈছিল প্ৰবৃত্তি।

You might also like
Leave A Reply

Your email address will not be published.