নেঘেৰিবিল, মেৰাপাণীত দয়াং সংৰক্ষিত বনাঞ্চলত সফল উচ্ছেদ অভিযান
গোলাঘাট, ৮ আগষ্ট ২০২৫:
গোলাঘাট জিলাৰ দয়াং সংৰক্ষিত বনাঞ্চলত বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযান।আজি সফলতাৰে সম্পন্ন কৰা হৈছে। এই অভিযান নেঘেৰিবিল, মেৰাপানীঅঞ্চলত, অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত সম্পাদিত হয়। উক্ত নেঘেৰিবিল অঞ্চলৰ বনভূমিত অবৈধভাৱে স্থাপন কৰা প্ৰায় ১৫০টা পৰিয়ালৰ বহু সংখ্যক গৃহ,যি ৫০ হেক্টাৰৰো অধিক বনাঞ্চলত বিস্তৃত আছিল, আজি উচ্ছেদ কৰা হয়।উচ্ছেদৰ পূৰ্বে বাসিন্দাসকলক আইনী নিয়ম অনুসৰি আগতীয়াকৈ জাননী প্ৰেৰণ কৰা হৈছিল। সাংবাদিকৰ সৈতে কথা পাতি, অসমৰ বিশেষ মুখ্য সচিব ,
এম. কে. যাদৱে জনায় যে, নেঘেৰিবিল আৰু ঊৰিয়ামঘাটত থকা বাকী পৰিয়ালসমূহক ১৬ আগষ্টৰ পৰা উচ্ছেদ কৰা হবা। তেওঁ লগতে জানিবলৈ দিয়ে যে, আজি প্ৰায় ৫০ হেক্টাৰ (প্ৰায় ৪০০ বিঘা) ভূমি উচ্ছেদ কৰা হৈছে। তেওঁ ঘোষণা কৰে যে, ঊৰিয়ামঘাটত কাইলৈৰ পৰা অৰ্থাত ৯ আগষ্টত এক বৃক্ষৰোপণ অভিযান আৰম্ভ হ’ব, আৰু ইয়াৰ পিছতেই আন উচ্ছেদ কৰা বনাঞ্চলসমূহতো একে ধৰণৰ উদ্যোগ লোৱা হ’ব। শ্ৰী যাদৱে এই উচ্ছেদ অভিযানত নাগালেণ্ড চৰকাৰ, আৰক্ষীআৰু চি আৰ পি এফৰ সহযোগিতাকো বিশেষভাৱে প্ৰশংসা কৰে।
এই অভিযান বিশেষ মুখ্য সচিব এম. কে. যাদৱ, প্ৰধান মুখ্য বন সংৰক্ষক,গোলাঘাটৰ জিলা আয়ুক্ত, গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, লগতে বন বিভাগ, চি আৰ পি এফ, আৰক্ষী বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ তীক্ষ্ণ পৰ্যবেক্ষণত সম্পন্ন হয়।