পথাৰত পানী দিয়া মেচিনত পাক খাই কিশোৰীৰ কৰুণ মৃত্যু

নিউজ ডেস্ক

লবাৰী জিলাৰ কাউৰাখাটী চৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। পথাৰত পানী দিয়া মেচিনত পাক খাই মৃত্যুক সাৱটিবলগীয়া হয় এগৰাকী তেৰ বছৰীয়া কিশোৰীয়ে । ঘৰৰ ওচৰতে পথাৰত পানী দিয়া মেচিন এটাত গা ধুবলৈ গৈছিল কিশোৰী গৰাকী । গা ধুই থাকোতে হঠাৎ কিশোৰীগৰাকী পিচলি মেচিনটোৰ ওপৰত পৰে। লগে লগে কিশোৰী গৰাকীৰ চুলিখিনি মেচিনৰ চকাত মেৰ খাই সোমাই যায়।ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত কিশোৰীগৰাকী থিতাতে নিহত হয়। নিহত কিশোৰীগৰাকী কাউৰাখাটী চৰৰ ফুলবৰ আলীৰ জীয়াৰী ফৰিদা বেগম। কিশোৰী গৰাকীৰ কৰুণ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.