পথৰ বিসংগতি দেখি নলবাৰী জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান AJYCP ৰ

পথৰ বিসংগতি দেখি নলবাৰী জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান AJYCP ৰ

নলবাৰী, ২১ জুনঃ আদৰ্শ গাঁও নিৰ্মানৰ বাবে আৱন্টিত ধনেৰে নিৰ্মান হৈ থকা নলবাৰী জিলাৰ বালিলেছা গাঁৱৰ বকুল বনৰ পৰা সলিহা চুবুৰীলৈ যোৱা পথচোৱা বিগত তিনি- চাৰি মাহে কটা শিল পেলাই অসম্পূৰ্ণ নিৰ্মানৰ ফলত পথটোৰে যাতায়ত বন্ধ হৈ থকাৰ বিৰুদ্ধে আজি জাঙুৰ খাই উঠে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ- পূৱ নলবাৰী আঞ্চলিক সমিতি। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক পাৰ্থ প্ৰতীম শৰ্মা, নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক জ্ঞানদীপ শৰ্মা, প্ৰচাৰ সম্পাদক অমিত ডেকা, দক্ষিণ-পূৱ নলবাৰী আঞ্চলিক সমিতিৰ সভাপতি নিতু ডেকা , ভাৰপ্ৰাপ্ত সাঃ সম্পাদক লিকুমনি দাসৰ নেতৃত্বত এক সজাঁতি দলে নলবাৰী জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত নিবেদন দাস পাটোৱাৰীক সাক্ষাৎ কৰি পথচোৱাৰ বাবে ৰাইজৰ হোৱা অসুবিধাৰ কথা অৱগত কৰি অতিশীঘ্ৰে পথচোৱা যাতায়তৰ বাবে সুচল কৰি তোলাৰ বাবে এক স্মাৰক পত্ৰ যোগে দাবী জনায়। উল্লেখ্য যে- নলবাৰী- কমাৰকুছি পথৰ পৰা সংলগ্ন এই পথচোৱা কৃষক ৰাইজে কৃষিকৰ্মৰ বাবে আহ-যাহ কৰাৰ লগতে বালিলেছাৰ ঐতিহ্যমণ্ডিত কালী দেৱালয় চ’কত হোৱা যান-যটৰ পৰিপ্ৰেক্ষিতত এই পথচোৱা এক বিকল্প পথ হিচাপে ৰাইজৰ যাতায়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেনে ক্ষেত্ৰত সুদীৰ্ঘদিন ধৰি এই পথচোৱা সংশ্লিষ্ট ঠিকাদাৰ তথা পূৱ-নলবাৰী উন্নয়ণ খণ্ডই কি যুক্তিত ৰাইজৰ যাতায়তৰ বাবে অনুপযুক্ত কৰি ৰাখিছে তাৰো এক তদন্তৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ-পূৱ নলবাৰী আঞ্চলিক সমিতিয়ে। পৰিতাপৰ বিষয় এই যে চুড়ান্ত গাফিয়লতিৰে নিৰ্মান হৈ থকা এই পথ চোৱাৰ কোন ঠিকাদাৰ, নিৰ্মানত কিমান টকা ধাৰ্য কৰা হৈছে, নিৰ্মান কালৰ সময়সীমা আদি উল্লেখিত ফলকো ইয়াত নলগোৱাৰ ফলত ৰাইজৰ অজ্ঞাতে অতি চতুৰালীৰে একাংশ বিভাগৰ কৰ্মচাৰী আৰু ঠিকাদাৰে কৰ্ম সম্পাদন কৰা কাৰ্যক তীব্ৰ গৰিহনা দিয়ে সংগঠনটোৱে। অতিশীঘ্ৰে পথচোৱা যাতায়তৰ বাবে সুচল হৈ নুঠিলে ৰাইজৰ সহযোগত তীব্ৰ গনতান্ত্ৰীক কাৰ্যসূচী গঢ়ি তুলিৱ বুলি যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ-পূৱ নলবাৰী আঞ্চলিক সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিয়ে।

নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতা

You might also like
Leave A Reply

Your email address will not be published.