পবিত্ৰ কুমাৰ শৰ্মালৈ সংস্কৃতি বঁটা -২০২৫

পবিত্ৰ কুমাৰ শৰ্মালৈ সংস্কৃতি বঁটা -২০২৫

গুৱাহাটী, ৩ জুলাইঃ সাংস্কৃতিক মহাসভা অসমৰ সভাপতি,বিহু সুৰক্ষা সমিতি অসমৰ কৰ্ণধাৰ সমিতিৰ সদস্য,অখিল ভাৰত ব্ৰাহ্মন ফ্ৰন্ট,অসম ৰাজ্যিক সমিতিৰ মূখ্য সম্পাদক,এন ই ভাৰত ২৪ বৈদ্যুতিন সংবাদ মাধ্যমৰ মুখ্য উপদেষ্টা ,জি,এম ,চি,এম,চি,চি ৰ সভাপতি প্ৰমুখ্যে বহুবোৰ সংগঠনৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ সেৱাত ব্ৰতী হৈ থকা বিশিষ্ট সমাজ সংগঠক পবিত্ৰ কুমাৰ শৰ্মালৈ আগবঢ়োৱা হৈছে সংস্কৃতি বঁটা ২০২৫। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ০৩ জুলাইত অনুস্থিত হোৱা এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অনুষ্ঠিত হোৱা পঞ্চম বাৰ্ষিক সংস্কৃতি দিৱস উদযাপন সমিতি ২০২৫ যে উক্ত বঁটা প্ৰদান কৰে। উল্লেখযোগ্য কিছুদিন পূৰ্বে পবিত্ৰ কুমাৰ শৰ্মাৰ নেতৃত্বত সাংস্কৃতিক মহাসভা অসমে বিহাৰৰ পাটনা চহৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম মিথিলা মহোৎসৱত বৰ অসমৰ লোক সংস্কৃতি পৰিবেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। গৌৰৱৰ কথা যে ইয়াৰ পূৰ্বেও পবিত্ৰ কুমাৰ শৰ্ম্মাই ইতিমধ্য বহুকেইটা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

You might also like
Leave A Reply

Your email address will not be published.