পাণবজাৰ মহিলা থানাত নিশা ১২বজালৈ জেৰা সংগীতা দত্তক।

নিউজ ডেস্ক:

পাণবজাৰ মহিলা থানাত নিশা ১২বজালৈ জেৰা সংগীতা দত্তক। মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জেৰা চলাই ডাঃ সংগীতা দত্তক। ইফালে ৩২টাকৈ CCTVৰ ভিজুৱেল সংগ্রহ মহানগৰ আৰক্ষীৰ। প্রতিটো ভিজুৱেল তন্নতন্নকৈ পৰীক্ষা আৰক্ষীৰ।

আনহাতে অবৈধভাৱে তুলি লোৱা দুই কণমানি শিশুৰ ওপৰত চিকিৎসক দম্পতীয়ে বৰ্বৰ নিৰ্যাতন চলোৱা কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছমাহৰ ভিতৰত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ জনাব মুখ্যমন্ত্ৰীয়ে। ৪৫ দিনৰ ভিতৰত আৰক্ষীক চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ।

উল্লেখ্য যে, দেৱশিশুৰ ওপৰত পাশৱিক আচৰণ কৰা ধৃত চিকিত্‍সক দম্পতী মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামক ৫ দিনৰ বাবে আৰক্ষীৰ জিন্মাত লৈ জেৰা অব্যাহত ৰখা হৈছে। ডাঃ সংগীতা দত্তক পানবজাৰ মহিলা আৰক্ষী থানাত আৰু ডাঃ ৱালিউল ইছলামক পল্টনবজাৰ আৰক্ষী থানাত ৰখা হৈছে । শিশুদুটি ক’ৰ পৰা আনিছিল, কোনে আনি দিছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। কি কাৰণে শিশু দুটিক এনে অকথ্য নিৰ্যাতন চলাইছিল তাৰ কাৰণ বৰ্তমানো পোহৰলৈ অহা নাই । সমগ্ৰ গোচৰটোত POCSOৰ একাধিক ধাৰা লগোৱা হৈছে । ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চিকিত্‍সক দম্পতীৰ ঘৰত কাম কৰা আন এগৰাকী মহিলাকো সোমবাৰে আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.