পিতৃৰ লাঠীৰ কোবত প্ৰাণ গ’ল এটি চাৰিমহীয়া দেৱশিশুৰ!

হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত সংঘটিত হৈছে এক অমানৱীয় ঘটনা

নিউজ ডেস্ক

পিতৃৰ লাঠীৰ কোবত প্ৰাণ গ’ল এটি চাৰিমহীয়া দেৱশিশুৰ!

হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত সংঘটিত হৈছে এক অমানৱীয় ঘটনা । পিতৃৰ লাঠীৰ কোবত প্ৰাণ গ’ল এটি চাৰিমহীয়া দেৱশিশুৰ । জানিব পৰা মতে, স্বামী-স্ত্ৰীৰ মাজত কোনো কথাক লৈ কাজিয়া হোৱাত খঙৰ ভমকত পিতৃ আব্দুল বছিৰ শ্বেখে এডাল লাঠিৰে পত্নীক প্ৰহাৰ কৰিবলৈ উদ্যত হয় ।পত্নীক লাঠিৰে প্ৰহাৰ কৰিবলৈ লোৱাৰ সময়তে কোলাত থকা কণমানিজনীৰ গাত লাগে লাঠিৰ কোব। যাৰ ফলত কৰুণ মৃত্যুক সাবটি লয় ৰুমী খাতুন নামৰ কণমানিজনীয়ে । এই ঘটনাৰ পিছতে খাৰুৱাবান্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.