পুনৰ তিহাৰ জেলত সংঘৰ্ষত নিহত গেংষ্টাৰ!

নেচনেল ডেস্ক

 

পুনৰ তিহাৰ কাৰাগাৰত কয়েদীৰ দলৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষত দিল্লীৰ ৰোহিনী আদালতৰ গুলীচালনা কাণ্ডৰ মূল অভিযুক্ত গেংষ্টাৰ টিল্লু তাজপুৰীয়া নিহত হয়।জানিব পৰা মতে, কাৰাগাৰৰ সংশোধন কেন্দ্ৰৰ ভিতৰতে বিৰোধী গোটে আক্ৰমণ কৰিছিল টিল্লুক। তাৰ পাছতে টিল্লুক উদ্ধাৰ কৰি চিকিত্‍সালয়লৈ লৈ যোৱা হয় যদিও চিকিত্‍সকে তেওঁক মৃত ঘোষণা কৰে।এই সংঘৰ্ষত ৰোহিত নামৰ আন এজন কয়দী আহত হয় ।অভিযোগ অনুসৰি মঙলবাৰে পুৱা বিপক্ষৰ যোগেন্দ্ৰ টুণ্ডাৰ লোকে সুনীল ওৰফে টিল্লু তাজপুৰীয়াক আক্ৰমণ কৰিছিল। পুৱা প্ৰায় ৭ বজাত সুনীল আৰু ৰোহিতক উদ্ধাৰ কৰি অচেতন অৱস্থাত দিল্লীৰ দীন দয়াল উপাধ্যায় হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিত্‍সকে সুনীলক মৃত ঘোষণা কৰে।।

You might also like
Leave A Reply

Your email address will not be published.