পুৱাই কঁপি উঠিল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ!

পুৱাই কঁপি উঠিল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। মঙলবাৰে পুৱা প্ৰায় ৭.১৫ বজাত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সংঘটিত হয় ভয়ংকৰ ভূমিকম্প। ৰিখটাৰ স্কেল ৪.৩ প্ৰাবল্যত সংঘটিত হৈছিল এই ভূমিকম্পটো । এই কথা সদৰি কৰিছে ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই । ভূমিকম্পটোৰ উৎপত্তিস্থল ১০ কি:মি: গভীৰতাত আৰু অৱস্থান পোৰ্ট ব্লেয়াৰৰ পৰা প্ৰায় ১৮৩ কি:মি: দূৰত্বত। ভূমিকম্পৰ ফলত এই পৰ্যন্ত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই।।

You might also like
Leave A Reply

Your email address will not be published.