পুৱাৰে পৰা আৰম্ভ ভোটগ্ৰহণ

আজি দেশত ১৩ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত ৰাজ্যৰ মুঠ তিনিখন লোকসভাৰ আসন আৰু ২৯ টা বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে।

অসমত গোসাইগাঁও, ভাবানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা বিধান সভা সমষ্টিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে। শাসকীয় বিজেপিয়ে তিনিখন আসনত প্ৰাৰ্থী প্ৰদান কৰাৰ বিপৰিতে বাকী দুখন মিত্ৰজোঁটৰ অংশীদাৰ ইউপিপিএলক এৰি দিছে। ইফালে কংগ্ৰেছে পাঁচোখনতে নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছ। এআইইউডিএফ আৰু বিপিএফে ক্ৰমান্বয়ে দুখন আৰু এখন আসনত প্ৰতিদ্বন্দিতা কৰিছে।

বিধায়কৰ মৃত্যুৰ বাবে গোসাইগাঁও আৰু তামুলপুৰৰ উপনিৰ্বাচনৰ প্ৰয়োজন হৈছিল।আনহাতে ভাবানীপুৰ, মৰিয়নি আৰু থাওৰাৰ বিধায়ক সকলে শাসকীয় বিজেপিত যোগদান কৰি তেওঁলোকৰ বিধায়ক পদ ত্যাগ কৰিছিল। নিৰ্বাচিত বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইয়ে কংগ্ৰেছৰ পৰা আৰু ফণীধৰ তালুকদাৰে এআইইউডিএফৰ সংগ এৰি বিজেপিৰ টিকটত পুনৰ নিৰ্বাচনী যুজঁত অবতীৰ্ণ হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.