মহাকাশতো উৰিল ত্ৰিৰংগা। ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত কেৱল ভাৰত বা বিশ্বৰ আন ঠাইতেই নহয়, পৃথিৱীৰ পৃষ্ঠৰ পৰা এক লাখ ছয় হাজাৰ ফুট উচ্চতাতো উৰিল ৰাষ্ট্ৰীয় পতাকা। ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ তিনিদিন পূৰ্বে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ আহ্বান জনাইছিল। সেইমৰ্মে স্বাধীনতা দিৱসৰ পুৱা ভাৰতৰ জাতীয় পতাকা খন পৃথিৱীৰ বাহিৰতো উৰুওৱা হয়। বেলুনৰ সহায়ত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা পৃথিৱীৰ পৃষ্ঠৰ পৰা এক লাখ ছয় হাজাৰ ফুট উচ্চতালৈ প্ৰেৰণ কৰি উৰুওৱা হয় ত্ৰিৰংগাখন। ভাৰতত শিশু বিজ্ঞান গৱেষণাৰ এক বেচৰকাৰী সংগঠন স্পেছ কিডছ ইণ্ডিয়াই দেওবাৰে ৰাতি এই কাম সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয়।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.