পেৰালিম্পিকৰ অন্ত, ১৯ পদকেৰে ইতিহাস ৰচিলে ভাৰতে

সামৰণি পৰিল টকিঅ’ পেৰালিম্পিকৰ। ২৪ আগষ্টৰ পৰা অনুষ্ঠিত এইবেলিৰ পেৰালিম্পিকত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ইতিহাস ৰচনা ভাৰতৰ।৫ টা সোন,৮ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জ সহ মুঠ ১৯ টা পদকেৰে ২৪ নং স্থান দখল ভাৰতৰ। পদক তালিকাত প্ৰথম ৩ টা স্থান দখল কৰে ক্ৰমে চীন, গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাই। আজি টকিঅ’ৰ অলিম্পিক ষ্টেডিয়ামত বৰ্ণাঢ্য সামৰণি অনুষ্ঠানৰ মাজেৰে মোখনি মৰা হয় এই মহাৰণৰ।।

You might also like
Leave A Reply

Your email address will not be published.