প্ৰচণ্ড বৃষ্টিপাত, ভূমিস্খলনৰ ভয়ংকৰ ৰূপ

শনিবাৰৰ পৰা দক্ষিণ আৰু মধ্য কেৰালাত ধাৰাসাৰ বৰষুণৰ ফলত কমেও ১৮ জন লোক নিহত হোৱাৰ বিপৰীতে কোট্টায়াম আৰু ইডুক্কি জিলাৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনত ২২ জন লোক সন্ধানহীন হোৱাৰ আশংকা কৰা হৈছে । শেহতীয়া পৰিস্থিতি অধিক অৱনতি হোৱাৰ প্ৰতি লক্ষ ৰাখি কেৰেলা চৰকাৰে উদ্ধাৰ অভিযানৰ বাবে সশস্ত্ৰ বাহিনীৰ সহায় বিচাৰিছে।ইফালে কোট্টায়াম আৰু ইডুক্কি জিলাৰ সীমান্তৱৰ্তী পাহাৰীয়া অঞ্চলত সংঘটিত ভূমিস্খলনত কমেও ২২ জন লোক সন্ধানহীন হোৱাৰ আশংকা কৰা হৈছে। আনহাতে, ইডুক্কিত দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। তেওঁলোকক এতিয়াও চিনাক্ত কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। পাথানামথিট্টা আৰু কোট্টায়ামৰ পৰা প্ৰবল বৰষুণৰ ফলত আন ১৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

প্ৰতিকূল বতৰৰ বাবে কৰ্তৃপক্ষই পাথানামথিট্টা জিলাৰ সবৰীমালা মন্দিৰলৈ তীৰ্থ যাত্ৰা বন্ধ কৰি দিছে। সকলো মহাবিদ্যালয় আৰু উচ্চ শিক্ষা কেন্দ্ৰও বুধবাৰলৈকে বন্ধ থাকিব বুলি বিভাগিয় কতৃপক্ষই জনায়।।

You might also like
Leave A Reply

Your email address will not be published.