প্ৰচণ্ড ভূমিকম্পত কঁপি উঠিল উত্তৰ প্ৰদেশ!

পুৱাতেই প্ৰচণ্ড ভূমিকম্পত কঁপি উঠিল উত্তৰ প্ৰদেশ। শনিবাৰে পুৱাৰ ভাগত উত্তৰ প্ৰদেশৰ বাহৰাইচত ৫.২ ৰিখটাৰ স্কেলত সংঘটিত হয় ভূমিকম্পটো । ৰাজধানী লক্ষ্ণৌৰ পৰা ১৩৯ কিলোমিটাৰ দূৰত্বত আছিল ভূমিকম্পৰ উৎপত্তিস্থল। ভূমিকম্পৰ গভীৰতা আছিল ৮২ কিলোমিটাৰ। এই তথ্য সদৰি কৰিছে নেচনেল চেণ্টাৰ ফৰ ছিজম’লজিয়ে। ভূমিকম্পত এই পৰ্যন্ত কোনো লোক হতাহত বা সম্পত্তিৰ লোকচান হোৱাৰ খৱৰ অহা নাই । লক্ষ্ণৌ, সীতাপুৰ, বাহৰাইচকে ধৰি ৰাজ্যৰ বহু জিলাত ভূমিকম্পৰ কঁপনি অনুভূত হয়।।

You might also like
Leave A Reply

Your email address will not be published.